অসম

assam

ETV Bharat / bharat

হিজাব নিষেধাজ্ঞাৰ প্ৰত্যাহাৰ সন্দৰ্ভত বিবেচনা কৰিছে চৰকাৰে: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী - হিজাব নিষেধাজ্ঞা

Hijab ban in Karnataka: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই স্পষ্ট কৰি দিছে যে ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত চলি থকা হিজাব নিষেধাজ্ঞা এতিয়াও প্ৰত্যাহাৰ কৰা হোৱা নাই কিন্তু ৰাজ্য চৰকাৰে ইয়াক আঁতৰাবলৈ বিবেচনা কৰি আছে। বিজেপিৰ সমালোচনাৰ সন্মুখীন হোৱা সিদ্ধাৰামায়া ৷

Hijab ban in Karnataka
হিজাব নিষেধাজ্ঞা সন্দৰ্ভত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 6:40 PM IST

নিউজ ডেস্ক, 23 ডিচেম্বৰ : হিজাবৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ'ব বুলি সংবাদ মাধ্যমক জনোৱাৰ এদিন পিছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই শনিবাৰে স্পষ্ট কৰি দিয়ে যে প্ৰশাসনে কেৱল ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত হিজাব পিন্ধাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ কথা চিন্তা কৰি আছে আৰু চৰকাৰী পৰ্যায়ত আলোচনা কৰাৰ পিছত সিদ্ধান্ত লোৱা হ'ব ৷

শনিবাৰে মহীশূৰত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পূৰ্বৰ বক্তব্যৰ বাবে বিজেপিৰ সমালোচনাৰ সন্মুখীন হোৱা সিদ্দাৰমায়াই কয়, "আমি এতিয়ালৈকে (হিজাব নিষেধাজ্ঞা বাতিল কৰা) কৰা নাই ৷ কোনোবাই মোক এটা প্ৰশ্ন কৰিছিল (হিজাব নিষেধাজ্ঞা উঠাই লোৱাৰ বিষয়ে) ৷ মই উত্তৰ দিলোঁ যে চৰকাৰে ইয়াক বাতিল কৰাৰ কথা চিন্তা কৰিছে ৷"

এই শিক্ষাবৰ্ষত এই নিষেধাজ্ঞা উঠাই লোৱা হ'ব নে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী পৰ্যায়ত আলোচনা কৰাৰ পিছতহে ইয়াক প্ৰত্যাহাৰ কৰা হ'ব ৷

শুকুৰবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষানুষ্ঠানসমূহত ধৰ্মীয় হেড-স্কার্ফ পিন্ধাৰ ওপৰত কোনো বাধা নাই আৰু পোছাক আৰু খাদ্যৰ বাছনি ব্যক্তিগত বুলি মন্তব্য কৰে ৷ ইফালে হিজাব সন্দৰ্ভত ঘোষণাক লৈ কংগ্ৰেছ চৰকাৰ বিৰোধী বিজেপিৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৷

গেৰুৱা দলটোৱে কৈছিল যে চৰকাৰৰ পদক্ষেপে শৈক্ষিক স্থানৰ "ধৰ্মনিৰপেক্ষ প্ৰকৃতি" সম্পৰ্কে উদ্বেগ বৃদ্ধি কৰিছে ৷ নতুন দিল্লীত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি বিজেপি কৰ্ণাটকৰ মুৰব্বী বি ৱাই বিজয়েন্দ্ৰই সিদ্ধাৰামায়াৰ বিৰুদ্ধে শৈক্ষিক পৰিৱেশ 'বিনষ্ট' কৰাৰ অভিযোগ উত্থাপন কৰে ৷

লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক 'তুষ্টিকৰণৰ ৰাজনীতি'ত লিপ্ত হোৱাৰ অভিযোগ তুলি বিজয়েন্দ্ৰই দাবী কৰে , "স্বাধীনতাৰ ইমান বছৰৰ পিছতো সংখ্যালঘুসকলৰ মাজত সাক্ষৰতা আৰু নিযুক্তিৰ হাৰ এতিয়াও 50 শতাংশ ৷ কংগ্ৰেছে কেতিয়াও সংখ্যালঘুসকলৰ অৱস্থা উন্নত কৰিবলৈ চেষ্টা কৰা নাছিল ৷"

তেওঁ কয় যে "কংগ্ৰেছে ব্ৰিটিছ শাসকসকলে গ্ৰহণ কৰা বিভাজন আৰু শাসন নীতিত বিশ্বাস কৰে ৷ ই ব্ৰিটিছ উত্তৰাধিকাৰক আগুৱাই নিয়াৰ সমান ৷" ইয়াৰ পূৰ্বে, 'এক্স'ৰ এটা পোষ্টত বিজয়েন্দ্ৰই কয় যে, ৰাজ্য চৰকাৰে যুৱ মনক ধৰ্মীয় ৰেখাৰে 'বিভক্ত' কৰিছিল ৷ "মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই শিক্ষানুষ্ঠানসমূহত হিজাব নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্তই আমাৰ শৈক্ষিক স্থানসমূহৰ ধৰ্মনিৰপেক্ষ প্ৰকৃতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে-" চিকাৰীপুৰাৰ বিধায়কজনে এইদৰে কয় ৷

তেওঁ কয়- "শিক্ষানুষ্ঠানসমূহত ধৰ্মীয় পোছাক পৰিধানৰ অনুমতিৰ দ্বাৰা সিদ্ধাৰামায়া চৰকাৰে যুৱ মনক ধৰ্মীয় ৰেখাৰে বিভক্ত কৰিছে, যাৰ ফলত সামগ্ৰিক শিক্ষাৰ পৰিৱেশ বাধাপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা আছে ৷"

লগতে পঢ়ক :হতাশাগ্ৰস্ত মল্লযোদ্ধাক সান্ত্বনা প্ৰিয়ংকা গান্ধীৰ

ABOUT THE AUTHOR

...view details