ইম্ফল,11 মাৰ্চ:চৰকাৰী বিষয়া সকলৰ ভূমিকাৰ ওপৰত এক মন্তব্য প্ৰকাশ কৰি বৃহস্পতিবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে কয় যে, চৰকাৰী বিভাগ সমূহৰ বিষয়া সকলে নিয়মিতভাৱে ৰাইজৰ সৈতে মত বিনিময় কৰিব লাগে ৷ তেওঁ কয় যে, ৰাইজৰ অভাৱ অভিযোগসমূহ বুজি তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে চৰকাৰী বিভাগৰ বিষয়াসকলে ৰাইজৰ সৈতে নিয়মিত মত বিনিময় কৰাৰ অতি প্ৰয়োজন ৷ ইয়াৰ জৰিয়তে ৰাইজে এই কথাষাৰ অনুভৱ কৰিব পাৰিব যে চৰকাৰ তেওঁলোকৰ সৈতে আছে ৷
ইম্ফলৰ চিটি কনভেচন চেণ্টাৰত অনুষ্ঠিত 'One Day Panel Discussion on National Education Policy, 2020' অংশ লৈ বিৰেন সিঙে এই মন্তব্য কৰে ৷ তেওঁ কয় যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ এনে কামে ৰাইজক এক সাহস প্ৰদান কৰিব ৷ তেওঁ লগতে এইবুলিও মন্তব্য কৰে যে, শিক্ষাই হৈছে এখন সমাজৰ কামিহাড় আৰু শিক্ষা অবিহনে কোনো সমাজেই উন্নয়নৰ জখলা বগাব নোৱাৰে ৷