নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ: ধাৰাবাহিকভাৱে চলি থকা কৃষকৰ প্ৰতিবাদে চিন্তিত কৰি তুলিছে কেন্দ্ৰীয় চৰকাৰক । কৃষি আইনৰ বিৰোধিতাৰে সাব্যস্ত কৰা প্ৰতিবাদ ৰোধৰ সমাধান বিচাৰি মঙলবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ বাসগৃহত উচ্চ স্তৰীয় বৈঠক আহ্বান কৰা হৈছে । গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰেও বৈঠকত অংশ লৈছে । কৃষি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, 'কৃষক নেতাসকলক মঙলবাৰে বিয়লি ৩ বজাত আলোচনাৰ বাবে আমন্ত্ৰিত কৰা হৈছে ।
কৃষকৰ প্ৰতিবাদঃ জে পি নাড্ডাৰ বাসগৃহত উচ্চ স্তৰীয় বৈঠক - দিল্লী-চণ্ডীগড়
কৃষি আইনৰ বিৰোধিতাৰে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে সাব্যস্ত কৰা প্ৰতিবাদত থৰকাচুতি হেৰাইছে কেন্দ্ৰীয় চৰকাৰৰ । মঙলবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ বাসগৃহত গৃহমন্ত্ৰী অমিত শ্বাহসহ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী বৈঠকত মিলিত হয় । দিল্লী-চণ্ডীগড়, দিল্লী-হাৰিয়ানা আৰু দিল্লী-উত্তৰ প্ৰদেশ পথত দিল্লীৰ সিন্ধু, তিক্ৰী আৰু ঘাজিপুৰ সীমান্তত বিক্ষোভ কাৰ্যসূচী অব্যাহত ৰাখিছে কৃষকসকলে ।
কৃষকৰ প্ৰতিবাদঃ জে পি নড্ডাৰ বাসগৃহত উচ্চ স্তৰীয় বৈঠক
কৃষকৰ সৈতে আলোচনা কৰিবলৈ আৰু তেওঁলোকৰ দাবীসমূহৰ বিষয়ে জানিবলৈ চৰকাৰ সদায় প্ৰস্তুত আছে ।' বৈঠকত কৃষকসকলৰ দাবীসমূহৰ বিষয়ে মন্ত্ৰীসকলে বিবেচনা কৰাৰ সম্ভাৱনা আছে । কৃষকসকলে ক্ৰমান্ৱয়ে দিল্লী-চণ্ডীগড়, দিল্লী-হাৰিয়ানা আৰু দিল্লী-উত্তৰ প্ৰদেশ পথত দিল্লীৰ সিন্ধু, তিক্ৰী আৰু ঘাজিপুৰ সীমান্তত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে । ছেপ্টেম্বৰ মাহত প্ৰণয়ন কৰা কৃষি আইনৰ বিৰোধিতা কৰি কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।