নিউজ ডেস্ক , ৩ ফেব্ৰুৱাৰী : ভাৰতৰ বায়ু সেনাক আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্য়ে চৰকাৰে পুনৰ ক্ৰয় কৰিব যুদ্ধ বিমান । বুধবাৰৰ পৰা আৰম্ভ হোৱা 'এৰো ইণ্ডিয়া'ৰ আৰম্ভণি অনুষ্ঠানতে চৰকাৰে নতুনকৈ ৮৩ খন তেজছ পাতল যুজাঁৰু বিমান ক্ৰয়ৰ বাবে চুক্তি সম্পন্ন কৰে ।
উল্লেখ যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত বুধবাৰৰ পৰা দেশৰ মুখ্য প্ৰতিৰক্ষা আৰু এৰোস্পেছ শ্ব' এৰো ইণ্ডিয়া-২০২১ ৰ অনুষ্ঠান আৰম্ভ হয় । এই অনুষ্ঠানতে এৰোস্পেচ কোম্পানী বেহেমথ হিন্দুস্তান এৰ'নটিক্স লিমিটেডৰ সৈতে ৪৮,০০০ কোটি টকাৰ ৮৩ খন তেজছ পাতল যুঁজাৰু বিমান ক্ৰয় কৰিবলৈ আনুষ্ঠানিকভাৱে চুক্তিবদ্ধ হয় ভাৰত চৰকাৰ । এই চুক্তি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মহানিৰ্দেশক ভি এল কান্থা ৰাওয়ে উদ্বোধনী অনুষ্ঠানত হিন্দুস্তান এৰ'নটিক্স লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক আৰ মাধৱনক হস্তান্তৰ কৰে । হিন্দুস্তান এৰ'নটিক্স লিমিটেডৰ দ্বাৰা নিৰ্মাণ কৰা তেজছ হৈছে উচ্চ ভাবুকিপ্ৰৱণ বায়ুৰ মাজতো কাম কৰিবলৈ সক্ষম এটা ইঞ্জিনৰ আৰু অত্যন্ত চক্ৰীয় বহু-ভূমিকাৰ চুপাৰচনিক ফাইটাৰ বিমান ।