নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল :উত্তৰ-পূৱৰ অন্যতম ৰাজ্য মণিপুৰ আৰু চুবুৰীয়া দেশ ম্যানমাৰৰ মাজত সীমান্ত সমস্যা অব্য়াহত আছে (Manipur Myanmar border)। সীমান্তত অনুপ্ৰৱেশকে ধৰি নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহো অব্যাহত আছে । ইয়াৰ মাজতে ভাৰত চৰকাৰে সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ স্থাপনৰ বাবে বিশেষ পদক্ষেপ হাতত লৈছে ।
জানিব পৰা মতে চৰকাৰে মণিপুৰত প্ৰায় ৪০০ কিলোমিটাৰ ভাৰত-ম্যানমাৰ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ স্থাপন কৰি আছে (Barbed wire fencing in India Myanmar border) ৷ অসম ৰাইফলছৰ বিষয়াসকলে কোৱা মতে মণিপুৰৰ ৰাজ্যপাল সুশ্ৰী অনুচুয়া উইকীয়ে বৃহস্পতিবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ১১০ কিলোমিটাৰ দক্ষিণে মোৰেত ভাৰত-ম্যানমাৰ সীমান্ত বেষ্টনী পৰিদৰ্শন কৰে ৷ ভ্ৰমণকালত অসম ৰাইফলছৰ বিষয়াসকলে ৰাজ্যপালক অনুপ্ৰৱেশ, ড্ৰাগছকে ধৰি বিভিন্ন নিষিদ্ধ সামগ্ৰীৰ চোৰাং ব্যৱসায় আৰু অসংখ্য সীমান্ত অপৰাধ প্ৰতিৰোধ কৰিবলৈ সীমান্তত নিৰাপত্তা প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে (Illegal activities in India Myanmar border)।
ৰাজ্যপালগৰাকীয়ে নিৰাপত্তা বাহিনীক প্ৰশংসা কৰাৰ লগতে নিৰাপত্তা বাহিনীৰ কঠোৰ সতৰ্কতাৰ বাবে সীমান্তত ড্ৰাগছ সৰবৰাহ, অবৈধ চোৰাং ব্যৱসায়ৰ ঘটনা যথেষ্ট হ্ৰাস পাইছে বুলি উল্লেখ কৰে ।