নেশ্যনেল ডেস্ক, ১৬ মাৰ্চ : চলিত ৰাজ্যসভাৰ অধিৱেশনত উত্থাপন হৈছে দক্ষিণ এছিয়াৰ বিভিন্ন উন্নয়নমূলক আঁচনিত চীনৰ পুঁজি যোগানৰ প্ৰসংগ (China funding in South Asia)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে বৃহস্পতিবাৰে ৰাজ্যসভাত উল্লেখ কৰা মতে এই বিষয়ে অৱগত কেন্দ্ৰীয় চৰকাৰ । তেওঁ উল্লেখ কৰা মতে ঘাইপথ আৰু বিমানবন্দৰকে ধৰি দক্ষিণ এছিয়াৰ কেইবাখনো দেশত আন্তঃগাঁথনি প্ৰকল্পৰ বাবে চীনে পুঁজি যোগান ধৰিছে (China funding issue at Upper House)।
সংসদৰ উচ্চ সদনত এক লিখিত প্ৰশ্নৰ উত্তৰত ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে ইয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে পাৰস্পৰিকভাৱে লাভজনক দ্বিপাক্ষিক সম্পৰ্ক বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।
লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰ অৱগত যে চীনে দক্ষিণ এছিয়াৰ দেশসমূহত বন্দৰ, ঘাইপথ, ৰে'লৱে আৰু বিমানবন্দৰকে ধৰি আন্তঃগাঁথনি প্ৰকল্পৰ পুঁজি যোগানত জড়িত হৈ আছে । 'চুবুৰীয়া প্ৰথম' নীতিৰ অধীনত, ভাৰত চৰকাৰেও সকলো চুবুৰীয়া দেশৰ সৈতে বন্ধুত্বপূৰ্ণ আৰু পাৰস্পৰিকভাৱে লাভজনক সম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ (Minister V Muraleedharan at upper house)।
তেওঁ লগতে কয় যে ভাৰত ইয়াৰ চুবুৰীয়া দেশৰ এক "সক্ৰিয় অৰ্থনৈতিক অংশীদাৰ" আৰু এই দেশসমূহত বৃহৎ সংখ্যক উন্নয়নমূলক প্ৰকল্পৰ সৈতে জড়িত । তেওঁ কয় যে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা, বাণিজ্য আৰু বিনিয়োগ, শিক্ষা আৰু সংস্কৃতিৰ দৰে কেইবাটাও ক্ষেত্ৰত ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশসমূহৰ মাজত ব্যাপক সম্পৰ্ক আছে ।