অসম

assam

ETV Bharat / bharat

প্ৰবজনকাৰী শ্ৰমিকৰ বাবে চৰকাৰে আৰ্থিক পুঁজি ঘোষণা কৰিছেঃ ৰাষ্ট্ৰপতি - প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনা

মহামাৰীৰ সময়ত কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ লোকৰ বাবে বৃহৎ পৰিমাণৰ আৰ্থিক পুঁজি ঘোষণা কৰিছিল । কোনো লোক যাতে অনাহাৰে থাকিবলগীয়া নহয়, চৰকাৰে সেয়া নিশ্চিত কৰিছিল । আজি বাজেট অধিৱেশনত এই মন্তব্য কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ।

প্ৰবজনকাৰী শ্ৰমিকৰ বাবে চৰকাৰে আৰ্থিক পুঁজি ঘোষণা কৰিছেঃ ৰাষ্ট্ৰপতি
প্ৰবজনকাৰী শ্ৰমিকৰ বাবে চৰকাৰে আৰ্থিক পুঁজি ঘোষণা কৰিছেঃ ৰাষ্ট্ৰপতি

By

Published : Jan 29, 2021, 12:30 PM IST

নেশ্যনেল ডেস্ক, ২৯ জানুৱাৰী: শুক্ৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বাজেট অধিৱেশন সম্বোধন কৰি কয় যে, COVID-১৯ৰ সংকটৰ সময়ত কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ লোকৰ সুবিধাৰ্থে আৰ্থিক পুঁজি ঘোষণা কৰিছিল । দেশৰ অৰ্থনীতি সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বৃহৎ পৰিমাণৰ আৰ্থিক অনুদানৰ বিষয়ে ঘোষণা কৰিছিল । তেওঁ কয় যে, কোনো দৰিদ্ৰ লোকে যাতে অনাহাৰে থাকিব নালাগে সেয়াও চৰকাৰে নিশ্চিত কৰিছিল ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ জৰিয়তে ৮ কোটি দুখীয়া লোকক ৮ মাহৰ বাবে বিনামূলীয়া খাদ্য সামগ্ৰী যোগান ধৰা হৈছিল । প্ৰতি মাহে ৫ কিলোগ্ৰামকৈ বিনামূলীয়া খাদ্য সামগ্ৰী প্ৰদান কৰা হৈছে । মহামাৰী আৰু লকডাউনৰ বাবে ক্ষতিগ্ৰস্ত হোৱা প্ৰবজনকাৰী শ্ৰমিকৰ বাবেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে । পূৰ্বে আন এক প্ৰতিবেদনত কোৱা হৈছিল যে, প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত ৪২ কোটিৰো অধিক লোকে ৬৮,৮২০ কোটি টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে ।

মহামাৰীৰ সংকটৰ কালতো চৰকাৰে বিনামূলীয়া খাদ্য সামগ্ৰী, মহিলা আৰু দুখীয়া জ্যেষ্ঠ নাগৰিক আৰু কৃষকক নগদ ধন প্ৰদানৰ আঁচনি ঘোষণা কৰিছিল । ৰাষ্ট্ৰপতিগৰাকীয়ে COVID-১৯ৰ বাবে দেশত সৃষ্টি হোৱা কঠিন পৰিস্থিতিতো চৰকাৰে দৰিদ্ৰ ৰাইজৰ স্বাৰ্থত কৰা উন্নয়নমূলক কামৰ সম্যক ব্যাখ্যা দাঙি ধৰে ।

লগতে পঢ়ক:সুৰা ট্ৰেজেডী: বিষাক্ত সুৰা সেৱন কৰি নিহত 4 জন

ABOUT THE AUTHOR

...view details