নেচনেল ডেস্ক, ১১জুন: জম্মু-কাশ্মীৰত অশান্তিৰ বীজ ৰোপণৰ বাবে উগ্ৰপন্থীয়ে অৱলম্বন কৰিছে নতুন নতুন কৌশল । ইয়াৰে অংশ হ'ল" target killing' । জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই শনিবাৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ জনালে আহ্বান । লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই এই সন্দৰ্ভত কয় যে উপত্যকাটোত উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীক ভুল প্ৰতিপন্ন কৰিবলৈ নিৰিহ লোকক হত্য়াৰ লক্ষ্য় কৰি লৈছে । কাৰণ এনে কৰিলে সেনাই ভুল কৰি নিৰীহ লোকক হত্য়া কৰাৰ পাছতে উগ্ৰপন্থীয়ে ইয়াৰ সুযোগ ল'ব পাৰিব ।
দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত এক অনুষ্ঠানত সিনহাই কয় যে শিশুসকলক শিক্ষা প্ৰদান কৰা এগৰাকী মহিলা শিক্ষকক হত্যা কৰা হৈছে । যদি সমাজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে তেন্তে আমি আমাৰ কৰ্তব্যৰ পৰা আঁতৰি থকাটোকে বুজাব । তেওঁ পুনৰ কয় যে উগ্ৰপন্থীয়ে হতাশাত ভুগিয়ে এনে কাম কৰিছে । সেই বাবে জে কে প্ৰশাসনে gunahgaar ko chhodo mat, aur begunah ko chhedo mat -অপৰাধীক এৰি নিদিব, কিন্তু নিৰ্দোষীক স্পৰ্শ নকৰিব- নীতি গ্ৰহন কৰিছে।