গুৱাহাটী, 8 জুলাই :ৰাজ্যত ক্ৰমাৎ উন্নত হৈছে বান পৰিস্থিতি ৷ তথাপিও এই পৰ্যন্ত বানৰ কৱলত থকা ২৬ খন জিলাৰ ১৮ লক্ষাধিক লোক জলবন্দী হৈ আছে (Flood in Assam) । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (State Disaster Management Authorities) তথ্য মতে, ৰাজ্যৰ বৰ্তমান বানৰ কৱলত থকা ২৬ খন জিলাৰ ১৮ লক্ষাধিক লোকৰ ভিতৰত কাছাৰ, মৰিগাঁও আৰু বৰপেটা জিলাতেই আছে প্ৰায় 13.50 লাখ লোক ।
ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৪৭ হাজাৰ ১৯৮ হেক্টৰ কৃষিভূমি এই পৰ্যন্ত বানৰ পৰা মুক্ত হোৱা নাই । ৰাজ্যৰ ৪১৩ টা আশ্ৰয় শিবিৰত বর্তমানেও দুই লাখ ৭৮ হাজাৰ ৬০ গৰাকী বন্যাৰ্তই আশ্ৰয় লৈ আছে ৷
ইয়াৰ মাজতে শেহতীয়াকৈ বানাক্ৰান্তক সাহাৰ্য আগবঢ়োৱাৰ কথাক লৈ ৰাজ্যজুৰি তুমুল বিতৰ্কৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে (Controversy over provision of relief to flood victims)৷ বানাক্ৰান্তক ৰাজ্য চৰকাৰে এক ডেৰ কেজি চাউল দি কৰ্তব্য সামৰণি মৰা বুলি বিভিন্ন সংগঠনে দাবী উত্থাপন কৰাৰ পিছতে একাংশই কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বানাক্ৰান্তসকলক মাহী আইৰ চকুৰে চাই বুলি মন্তব্য প্ৰকাশ কৰিছিল ৷
উল্লেখ্য যে এক তথ্য অনুসৰি ২০২১-২২ চনৰ কেইবাটাও বানত ৰাজ্যখনত ১,০১৮.১৫ কোটি টকাৰ আন্তঃগাঁথনিৰ ক্ষতি হৈছিল৷ লগতে ২০২০-২১ চনত হোৱা বানত ২৬৪২.৯৯ কোটি টকাৰ আন্তঃগাঁথনিৰ ক্ষতি হৈছিল । ৰাজ্য চৰকাৰৰ আন্তঃগাঁথনিৰ ক্ষতিৰ হিচাপ কৰি কেন্দ্ৰৰপৰা পুঁজি বিচাৰিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে কণা হাঁহক পতান দিয়াৰ দৰেই উল্লেখিত ক্ষতিৰ পুনঃনিৰ্মানৰ বাবে বিত্তীয় সাহায্য হিচাপে ২০২০-২১ চনৰ ১০১৮.১৫ কোটি টকাৰ ক্ষতিৰ বিপৰীতে কেন্দ্ৰই ৪৪ কোটি টকা আৰু ২০২০-২১চনৰ ২৬৪২.৯৯ কোটি টকাৰ ক্ষতিৰ বিপৰীতে কেন্দ্ৰই ৫৪ কোটি টকাহে বিশেষ সাহায্য হিচাপে প্ৰদান কৰিছিল ৷
এই ন্যূণতম সাহায্যৰ ফলত ৰাজ্যখনত দুটা বিত্তীয় বছৰৰ আন্তঃগাঁথনিৰ নিৰ্মাণ অসম চৰকাৰে কৰিব পৰা নাই ৷ বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতিৰ পুনঃনিৰ্মানত অসম চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে (Government has completely failed to rebuild infrastructure) ৷