অসম

assam

All Parties Meeting Called by Govt: সংসদৰ বিশেষ অধিৱেশনৰ এদিন পূৰ্বে সৰ্বদলীয় বৈঠকৰ আহ্বান শাসকীয় দলৰ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 10:46 PM IST

সংসদৰ বিশেষ অধিৱেশনৰ এদিন পূৰ্বে সৰ্বদলীয় বৈঠকৰ আহ্বান শাসকীয় দলৰ ৷ সংসদৰ এই অধিৱেশনৰ কাৰ্যসূচী কি হ’ব সেয়া এতিয়াও ৰাজহুৱা কৰা হোৱা নাই । এই বৈঠকত সংসদৰ অধিবেশনত অন্তৰ্ভুক্ত কাৰ্যসূচীসমূহ বিবেচনা কৰাৰ সম্ভাৱনা আছে ।

All Parties Meeting Called by Govt
সংসদৰ বিশেষ অধিৱেশনৰ এদিন পূৰ্বে সৰ্বদলীয় বৈঠকৰ আহ্বান শাসকীয় দলৰ

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ:১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব । সংসদৰ সুচাৰুৰূপে কাম-কাজ সুনিশ্চিত কৰিবলৈ শাসকীয় দলে এদিন পূৰ্বে অৰ্থাৎ ১৭ ছেপ্টেম্বৰত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে । সংসদৰ এই অধিৱেশনৰ কাৰ্যসূচী কি হ’ব সেয়া এতিয়াও ৰাজহুৱা কৰা হোৱা নাই ।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৪.৩০ বজাত সৰ্বদলীয় বৈঠকৰ আয়োজন কৰা হৈছে । ই-মেইলৰ জৰিয়তে সকলো নেতালৈ তথ্য প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয় । সংসদৰ বিশেষ অধিৱেশন সন্দৰ্ভতো প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ঘৰত এখন বৈঠক অনুষ্ঠিত হোৱাৰ খবৰ পোৱা গৈছে ।

এই বৈঠকত সংসদৰ অধিবেশনত অন্তৰ্ভুক্ত কাৰ্যসূচীসমূহ বিবেচনা কৰাৰ সম্ভাৱনা আছে । অৱশ্যে আনুষ্ঠানিকভাৱে এজেণ্ডাৰ বিষয়ে কোনেও নিশ্চিত কৰা নাই । গৃহমন্ত্ৰী অমিত শ্বাহ, ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰেও এই বৈঠকত অংশগ্ৰহণ কৰিব ।

এতিয়ালৈকে পোৱা তথ্য অনুসৰি পুৰণি সংসদ ভৱনত বিশেষ অধিৱেশন আৰম্ভ হ’ব যদিও পিছদিনাখনৰ পৰা নতুন সংসদ ভৱনত বৈঠক অনুষ্ঠিত হ’ব । চলিত বৰ্ষৰ ২৮ মে’ত সংসদৰ নতুন ভৱন উদ্বোধন কৰা হৈছিল ।

বিশেষ অধিৱেশনৰ কাৰ্যসূচী সন্দৰ্ভত এতিয়াও কোনো তথ্য নথকাৰ বাবে কংগ্ৰেছে মোদী চৰকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে । কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে এজন ব্যক্তিৰ বাহিৰে সংসদৰ এজেণ্ডাৰ বিষয়ে কোনো অৱগত নহয় । ৰমেশে কয় যে ইয়াৰ পূৰ্বে যেতিয়াই বিশেষ অধিৱেশন আহ্বান কৰা হৈছিল তেতিয়াই সকলোৱে ইয়াৰ এজেণ্ডাৰ বিষয়ে অৱগত হৈছিল ।

টিএমচিৰ নেতা ডেৰেক অ’ব্ৰাইনে কয় যে সংসদৰ বিশেষ অধিৱেশনলৈ মাত্ৰ দুদিন সময় আছে যদিও তাত আমি কি বিষয়ত আলোচনা কৰিম সেই বিষয়ে কাৰো কোনো ধাৰণা নাই । ব্রায়ানে কয় যে হঠাতে কোনো এজেণ্ডা জাপি দিব নালাগে, ইয়াৰ ওপৰত বিস্তৃত আলোচনা হ’ব লাগে ৷ টিএমচিৰ নেতাগৰাকীয়ে কয় যে যদি আমি গণতন্ত্ৰত বাস কৰি আছো তেন্তে তথ্যসমূহ ৰাজহুৱা কৰা উচিত; দুজন ব্যক্তিৰ মাজত সীমাবদ্ধ থাকিব নেলাগে ।

ইফালে চি পি আই নেতা ডি ৰাজাই কয় যে চৰকাৰে এজেণ্ডাৰ বিষয়ে তথ্য দিব লাগে যাতে ইয়াৰ ওপৰত গভীৰ চিন্তা কৰিব পৰা যায় ৷ এই এজেণ্ডাৰ বিষয়ে কোনো অৱগত নহয় সেয়া অতি আচৰিত কথা ।

লগতে পঢ়ক:New Uniform For Parliament Staff: মণিপুৰী পাগুৰি (Kokyet) হ’ব সংসদৰ মাৰ্শ্বালৰ ইউনিফৰ্মৰ অংশ হ’ব

ABOUT THE AUTHOR

...view details