নিউজ ডেস্ক, 1 ডিচেম্বৰ :শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখন কৃষি আইনৰ বিৰোধিতাৰে সমগ্ৰ দেশত প্ৰতিবাদ অব্যাহত আছে ৷ বিশেষকৈ এই আইন কেইখনৰ বিৰোধিতাৰে কৃষক সংগঠন আৰু কৃষক সকলে দেশৰ ৰাজধানী দিল্লীত তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ বিগত কিছুদিনৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰা কৃষক সকলে বৰ্তমান প্ৰতিবাদস্থলীৰ পৰা উভতি আহিবলৈ আকাংক্ষ প্ৰকাশ কৰা নাই ৷ এই ক্ষেত্ৰত ইটিভি ভাৰতে হাৰিয়ানাৰ এগৰাকী কৃষক বিশেষজ্ঞৰ সৈতে আলোচনাত মিলিত হৈছে ৷
হাৰিয়ানৰ কৃষি বিশেষজ্ঞ জে এছ টৰিৰ সৈতে হোৱা আলোচনাত তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইন ৰূপায়ন কৰাটো এক পূৰ্ব পৰিকল্পিত চিন্তা আছিল ৷ তেওঁ আকৌ দাবী কৰি কয় যে, ভাৰত চৰকাৰে বৰ্তমান বিশ্ব বাণিজ্য সংস্থাৰ চুক্তি স্বাক্ষৰ কৰিছে ৷ যাৰ অধীনত কোনো দেশে দেশৰ কৃষকৰ পৰা 10 শতাংশতকৈ অধিক সামগ্ৰী ক্ৰয় নকৰে ৷ তেনেক্ষেত্ৰত চৰকাৰে তিনিখন কৃষি আইন ৰূপায়ন কৰাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে ৷
লগতে পঢ়ক :কাছাৰত হিন্দু-বঙালীৰ ওপৰত নিৰ্যাতনঃ শিক্ষাৰ্থীৰ প্ৰতিবাদ
আনহাতে, কেন্দ্ৰীয় চৰকাৰে দাবী কৰিছিল যে, এই আইনৰ অধীনত 'ব্যক্তিগত ক্ৰেতাসকলে যি বিচাৰে সেয়া কৰিব পাৰিব ৷ সেই সম্পৰ্কতো বিশেষজ্ঞ গৰাকীয়ে কয় যে, এই তিনিখন কৃষি আইনত যিকোনো স্থানত নিম্নতম সমৰ্থন মূল্যৰ কোনো উল্লেখ নায় । ইয়াৰ বাবে বজাৰত অহা ব্যক্তিগত ক্ৰেতা, আৰু তেওঁলোকে বিচৰা ধৰণে কাম কৰিব পাৰিব । একে সময়তে, তেওঁ ভাৰতৰ খাদ্য নিগমৰ আইনৰ কথা উল্লেখ কৰি কয় যে, দেশৰ কৃষকৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু তেওঁলোকৰ সামগ্ৰী ৱেৰহাউচলৈ লৈ যোৱাৰ বাবে এফ চি আই স্থাপন কৰা হওঁক ৷
বিশেষজ্ঞ গৰাকীক সাংবাদিকে আকৌ প্ৰশ্ন কৰিছিল যে, 'নতুন আইনসমূহে এফ চি আইৰ অস্তিত্ব শেষ কৰিব' নেকি ?
এই প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে, ভাৰত স্বাধীন হোৱাৰ পিচত ভাৰতত পৰ্যাপ্ত খাদ্য শস্য উৎপাদন কৰা হোৱা নাছিল আৰু চৰকাৰে খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আন দেশৰ পৰা বিভিন্ন সামগ্ৰী আমদানি কৰিব লগা হৈছিল ৷ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় চৰকাৰে দেশত খাদ্য উৎপাদন বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । যাৰ অধীনত কৃষক সকলক নিম্নতম সমৰ্থন মূল্য আৰু এফ চি আই নিৰ্ধাৰণ কৰি ক্ৰয় কৰা আশ্বাস প্ৰদান কৰা হৈছিল ৷ কিন্তু চৰকাৰে এই সকলো বিষয়ৰ বিশ্লেষণ নকৰি তিনিখন কৃষি আইনৰ জৰিয়তে এফ চি আইয়ে শীঘ্ৰে অস্তিত্ব হেৰুৱাব আৰু কৃষকৰ উৎপাদনৰ বিক্ৰী মূল্য হ্ৰাস হ'ব বুলি উল্লেখ কৰে ৷
লগতে পঢ়ক :উত্তৰ প্ৰদেশৰ পেৰলত মুক্তি লাভ কৰা কাৰাবন্দীক জেইললৈ ঘূৰি অহাৰ নিৰ্দেশ