নেশ্যনেল ডেস্ক,৮ জানুৱাৰী :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ পিচৰে পৰা গুগলত এতিয়া বহু লোকে লাক্ষাদ্বীপ ছাৰ্চ কৰা দেখা গৈছে । যোৱা ২০ বছৰত সৰ্বাধিক লোকে গুগলত লাক্ষাদ্বীপৰ ছাৰ্চ কৰিছে । ভাৰত আৰু মালদ্বীপৰ কূটনৈতিক বিবাদ চলি থকাৰ মাজতে এই ঘটনাবোৰে নিশ্চিতভাৱে ভাৰতীয় পৰ্যটনত বিশেষ প্ৰভাৱ পৰাৰ ইংগিত প্ৰদান কৰিছে ।
উল্লেখ্য যে বছৰৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাক্ষাদ্বীপ ভ্ৰমণ কৰিছিল । সেই সময়ৰ কিছুমান ফটো আৰু ভিডিঅ' তেওঁ সামাজিক মাধ্যমত মুকলি কৰিছিল । তেতিয়াৰে পৰা গুগলত লাক্ষাদ্বীপ ছাৰ্চ কৰা লোকৰ সংখ্যাও বৃদ্ধি হোৱা দেখা গৈছে ।
ইফালে, ভাৰতীয় অনলাইন ট্ৰেভেল প্ৰতিষ্ঠান মেক মাই ট্ৰিপে সোমবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লাক্ষা দ্বীপপুঞ্জ ভ্ৰমণৰ পিচৰে পৰা সমুদ্ৰ তীৰৰ গন্তব্য স্থান লক্ষদ্বীপৰ বাবে অন-প্লেটফৰ্ম ছাৰ্চ ৩,৪০০ শতাংশ বৃদ্ধি দেখা গৈছে । স্থানীয় ভাৰতীয় সমুদ্ৰ তীৰত সম্ভাব্য পৰ্যটকৰ এই আগ্ৰহে মঞ্চত 'ভাৰতৰ সমুদ্ৰ তীৰ' অভিযান আৰম্ভ কৰিবলৈ উদগনি যোগাইছে । এই অভিযানৰ জৰিয়তে ভাৰতীয় ভ্ৰমণকাৰীসকলক দেশৰ সমুদ্ৰ তীৰ অন্বেষণ কৰিবলৈ উৎসাহিত কৰাৰ বাবে অফাৰ আৰু ৰেহাইও দিয়া হৈছে ।
মেক মাই ট্ৰিপৰ মুখ্য বিপণন আৰু ব্যৱসায় বিষয়া ৰাজ ঋষি সিঙে কয় যে প্ৰতিষ্ঠানটোৱে 'ভাৰতৰ সমুদ্ৰ তীৰ' (Beaches of India) অভিযান আৰম্ভ কৰিছে । এই অভিযানৰ অধীনত পৰ্যটকসকলে ভাৰতৰ আকৰ্ষণীয় সমুদ্ৰতীৰৰ বিষয়ে জানিব পাৰিব । কেনেদৰে ভ্ৰমণ কৰিব, কোনখন ৰাজ্য, কেনেদৰে বুক কৰিব সকলো কথা জানিব পাৰিব । পৰ্যটকসকলক উল্লেখনীয় অফাৰ বা ৰেহাই প্ৰদান কৰাৰ কথাও উল্লেখ কৰিছে প্ৰতিষ্ঠানটোৰ বিষয়াগৰাকীয়ে ।