অসম

assam

ETV Bharat / bharat

বিগত বৰ্ষৰ তুলনাত এই বৰ্ষৰ জানুৱাৰীত হ্ৰাস পাইছে সুৰাৰ বিপনীৰ সংখ্যা:গুগল মেপ

গুগল মেপৰ এক বিশ্লেষকে জনোৱা মতে, বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত সুৰাৰ বিপনীৰ সংখ্যা 11 শতাংশলৈ হ্ৰাস পাইছে ৷ বিগত বৰ্ষত ইয়াৰ সংখ্যা আছিল 40 শতাংশ ৷

Google Maps
গুগল মেপ

By

Published : Jan 29, 2021, 6:18 PM IST

নেশ্যনেল ডেস্ক,29 জানুৱাৰী : নৱবৰ্ষৰ সংকল্পসমূহৰ ভিতৰত ‘ড্ৰাই জানুৱাৰী’ অন্যতম যদিও গুগল মেপৰ প্ৰতিবেদনত প্ৰকাশিত অনুসৰি, ক’ৰণা মহামাৰীৰ মাজতো বিগত বৰ্ষত সুৰাপায়ীসকলে কম পৰিমাণেহে সুৰাৰ পৰা আঁতৰি থাকে ৷

বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ তুলনাত জানুৱাৰী মাহত আমেৰিকা যুক্তৰাষ্ট্ৰত আগৰ সুৰাৰ বিপনীৰ সংখ্যা মাত্ৰ 40 শতাংশহে হ্ৰাস পাইছিল । গুগল মেপৰ ট্ৰেণ্ড বিশেষজ্ঞ জোচেফ আবৌ নকুলে সদৰি কৰে যে, চলিত বৰ্ষত অনুসন্ধানৰ ফলাফলত 11 শতাংশ আৰু 6 শতাংশ হ্ৰাস পাইছে ৷ অৰ্থাৎ মানুহে কম পৰিমাণে সুৰাপান কৰাৰ ই ইংগিত প্ৰদান কৰিছে ৷

ইয়াৰ বিপৰীতে মানুহে পুষ্টিকৰ খাদ্য খোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ অনুসন্ধানযোগে পোৱা গৈছে যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ তুলনাত চলিত বৰ্ষৰ জানুৱাৰী মাহত পুষ্টিকৰ খাদ্যৰ হাৰ 46 শতাংশলৈ বৃদ্ধি পাইছে ৷ কিন্তু একেই সময়তে মিঠাইৰ প্ৰৱণতাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ তুলনাত এইবাৰ আইক্ৰীমৰ দোকানৰ সংখ্যা 10 শতাংশ বৃদ্ধি পাইছে ৷ 2020 বৰ্ষৰ জানুৱাৰী মাহত ফাষ্ট ফুডৰ দোকানৰ সংখ্যা 20 শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে চলিত বৰ্ষৰ জানুৱাৰী মাহত ই 1.5 শতাংশলৈ হ্ৰাস পাইছে ৷ বৃহস্পতিবাৰে এক ব্লগপ’ষ্ট এই তথ্য দাঙি ধৰে ট্ৰেণ্ড বিশেষজ্ঞ গৰাকীয়ে ৷

2020 আৰু 2021 দুয়োটা বৰ্ষতে শৰীৰ চৰ্চা কেন্দ্ৰৰ সংখ্যা 25 শতাংশলৈ বৃদ্ধি পাইছে ৷ আনহাতে পুৱাৰ থলুৱা আহাৰৰ হাৰ 20 শতাংশলৈ বৃদ্ধি পাইছে, য'ত আমেৰিকানসকলে সমগ্ৰ বিশ্বৰ পৰিৱৰ্তে থলুৱা খাদ্যৰ সন্ধান কৰি আছে ৷

লগতে পঢ়ক :এৰো ইণ্ডিয়া হ'ব বিলিয়ন সুযোগৰ পথ : ৰাজনাথ সিং

ABOUT THE AUTHOR

...view details