ইন্টানেশ্যলেল ডেস্ক, 24 আগষ্ট: ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ল ভাৰতবাসী ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত থ’লে ভৰি ৷ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে ভৰি থোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ল ভাৰত ৷ ইফালে চন্দ্ৰযান-3ৰ চন্দ্ৰত অৱতৰণৰ 2 ঘন্টা 26 মিনিটৰ পাচতে চন্দ্ৰযানৰ বিক্ৰমৰ পৰা ওলাই গৈছে ৰ’ভাৰ প্ৰজ্ঞান ৷ প্ৰজ্ঞানে ইতিমধ্যে পঠিয়াইছে কেইবাখনো ফটো ৷
ভাৰতৰ এই সফলতাক সকলোৱে জনাইছে সম্ভাষণ ৷ গুগলৰ CEO সুন্দৰ পিচাইয়েও বুধবাৰে চন্দ্ৰযান-3 ৰ চন্দ্ৰত সফল অৱতৰণ কৰাৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাক অভিনন্দন জনায় ৷ ইয়াক তেওঁ এক অবিশ্বাস্য মুহূৰ্ত বুলি অভিহিত কৰে । বুধবাৰে পিচাইয়ে টুইট কৰি কয়, ‘‘বুধবাৰে চন্দ্ৰযান-3 য়ে চন্দ্ৰত সফলতাৰে অৱতৰণ কৰিছে ৷ অভিনন্দন ভাৰত’’ ৷
ইফালে ভাৰতৰ এই সফলতাক ইজৰাইল, যুক্তৰাজ্য, ফ্ৰান্স, জাৰ্মানী আৰু অষ্ট্ৰেলিয়াৰ দূতে অভিনন্দন জনাইছে ৷ ইজৰাইলৰ দূত নাওৰ গিলনে (Naor Gilon) ও টুইটযোগে ভাৰত আৰু ISRO ক এই কৃতিত্বৰ বাবে অভিনন্দন জনায় ৷ গিলনে X (পূৰ্বৰ টুইটাৰ)ত কয়, ‘‘মহাকাশ অন্বেষণৰ প্ৰতি ভাৰত সমৰ্পণে আমাক সকলোকে আচৰিত কৰিছে ৷ ভাৰত আৰু বিশ্বৰ বাবে ই এটা ডাঙৰ মুহূৰ্ত ৷ অভিনন্দন ভাৰত’’ ৷