অসম

assam

ETV Bharat / bharat

আমেৰিকাৰত বাস কৰা বিদেশী নিবনুৱাৰ বাবে বৃহৎ অনুদান 'গুগল'ৰ - ডিএচিএ

আমেৰিকা চৰকাৰৰ ডিফৰ্ড এক্সন ফৰ এৰাইভেলছ (ডিএচিএ) শীৰ্ষক এক বিশেষ আঁচনিৰ জৰিয়তে বিদেশী ছাত্ৰ-ছাত্ৰীয়ে আমেৰিকাত সংস্থাপন লাভ কৰি আহিছে । জ' বাইডেনক সমৰ্থন কৰি এই আঁচনিলৈ গুগলে প্ৰায় ১ কোটি ৮২ লাখ ৮০ হাজাৰ টকাৰ অনুদান আগবঢ়ায় ।

আমেৰিকাৰত বাস কৰা বিদেশী নিবনুৱাৰ বাবে বৃহৎ অনুদান 'গুগল'ৰ
আমেৰিকাৰত বাস কৰা বিদেশী নিবনুৱাৰ বাবে বৃহৎ অনুদান 'গুগল'ৰ

By

Published : Jan 14, 2021, 1:24 PM IST

Updated : Jan 14, 2021, 7:23 PM IST

নিউজ ডেস্ক , ১৪ জানুৱাৰী :বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা আমেৰিকালৈ প্ৰতিবছৰে বহু শিক্ষিত যুৱক-যুৱতী সংস্থাপনৰ উদ্দেশ্য়ে প্ৰব্ৰজন কৰা দেখা যায় । যাক আমেৰিকাত "ড্ৰীমাৰ" অৰ্থাৎ সংস্থাপন সপোন দেখা যুৱ প্ৰজন্ম বুলি কোৱা হয় । এইসকল প্ৰব্ৰজনকাৰী যুৱক-যুৱতী বা শ্ৰমিকৰ বাবে আমেৰিকা চৰকাৰেও অস্থায়ী ভিছা প্ৰদান বা সংস্থাপনৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায় । শেহতীয়াকৈ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱা জ' বাইডেনে সেইসকল চাকৰি সন্ধানি যুৱক-যুৱতী আৰু শ্ৰমিকসকলৰ সুবিধাৰ্থে বিভিন্ন ব্য়ৱস্থা লোৱাৰ কথা ঘোষণা কৰিছিল ।

ইফালে আমেৰিকা চৰকাৰৰ ডিফৰ্ড এক্সন ফৰ এৰাইভেলছ (ডিএচিএ) শীৰ্ষক এক বিশেষ আঁচনিৰ জৰিয়তে বহু বিদেশী ছাত্ৰ-ছাত্ৰীয়ে আমেৰিকাত সংস্থাপন লাভ কৰি আহিছে । বাইডেন প্ৰশাসনেও এই ক্ষেত্ৰত গুৰুত্ব দিব বুলি কোৱাৰ পিছতে ডিএচিএ আঁচনিলৈ প্ৰায় ১ কোটি ৮২ লাখ ৮০ হাজাৰ টকাৰ অনুদান ঘোষণা কৰে বিশ্বৰ অন্য়তম বৃহৎ প্ৰতিস্থান গুগলে ।

বুধবাৰে এলফাবেট ইংকৰ গুগল কৰ্তৃপক্ষই কয় যে আমেৰিকা চৰকাৰৰ ডিফৰ্ড এক্সন ফৰ এৰাইভেলছ (ডিএচিএ) আঁচনিৰ অধীনত ৫০০ যুৱ বিদেশীৰ আবেদনৰ বাবে 1,82,80,300 টকাৰ অনুদান আগবঢ়াব প্ৰতিস্থানটোৱে । গুগল কৰ্তৃপক্ষই ৫০০ ৰো অধিক যুৱ প্ৰজন্মৰ সপোন পূৰণৰ উদ্দেশ্য়ে ইউনাইটেড উই ড্ৰীমক ডিএচিএ আবেদনৰ মাছুল আদায়ৰ বাবে অনুদান হিচাপে আগবঢ়াইছে ।

উল্লেখ যে "Google.org" আৰু গুগলৰ কৰ্মচাৰী সকলে কেইবাবছৰ ধৰি প্ৰবাসী যুৱ প্ৰজন্মক সমৰ্থনৰ বাবে এই ধৰণৰ অনুদান আগবঢ়াই আহিছে । লগতে কোম্পানীটোৱে এক বিবৃতি যোগে কয় যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ শৰণাৰ্থী আৰু গুগলাৰ্ছৰ পৰা পোৱা অনুদানেৰে "Google.org" য়ে ডিএচিএ আৰু দেশীয় প্ৰব্ৰজনকাৰীৰ সমৰ্থন কৰি আহিছে । লগতে গুগল কৰ্তৃপক্ষই কয় যে ডিএচিএৰ অধীনত চাকৰিৰ সপোন দেখা যুৱপ্ৰজন্মৰ সুৰক্ষাৰ বাবে আইনৰ যথেষ্ট প্ৰয়োজন আছে আৰু অন্য়ান্য় প্ৰয়োজন পূৰণৰ ব্য়ৱস্থা কৰিব লাগে ।

জ' বাইডেনৰ আগন্তুক চৰকাৰৰ প্ৰশংসা কৰা দেখা গ'ল গুগলৰ এগৰাকী শীৰ্ষ বিষয়াক । চৰকাৰখনে প্ৰবাসীসকলৰ বাবে সংস্থাপন আৰু ভিছা প্ৰদান প্ৰক্ৰিয়া আৰু উন্নত হ'ব বুলি আশা কৰাৰ লগতে চৰকাৰৰ এই পদক্ষেপক সমৰ্থনো জনাব বুলি তেওঁ উল্লেখ কৰে । লগতে তেওঁ কয় যে প্ৰবাসী শ্ৰমিক আৰু নিয়োগদাতা সকলৰ বাবে চৰকাৰৰ এই পদক্ষেপে আমেৰিকাৰ সীমান্ত সুৰক্ষা অনুশীলনৰ ক্ষেত্ৰটো বহুখিনি উৎসাহ যোগাব ।

লগতে পঢ়ক :নিউম'নিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন আৰ্মেনিয়াৰ ৰাষ্ট্ৰপতি

Last Updated : Jan 14, 2021, 7:23 PM IST

ABOUT THE AUTHOR

...view details