নেশ্যনেল ডেস্ক, 23 জুলাই : জবলপুৰ সংমণ্ডলৰ নৰসিংহপুৰ-কাৰেলিৰ মাজত এখন মালবাহী ৰেল লাইনচ্যুত হয় ৷ মালবাহী ৰেলখনৰ দবা ৰেলপথৰ পৰা ওলাই যায় বুলি জানিবলৈ পৰা গৈছে । যাৰ বাবে জবলপুৰৰ পৰা ইতাৰ্ছীলৈ যোৱা ৰেল যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । শনিবাৰে নিশা প্ৰায় 11.38 বজাত 905/1-2 কিলোমিটাৰ নম্বৰত এই ঘটনা সংঘটিত হয় ।
ঘটনাটো তথা ৰে’ল যাতায়ত বন্ধ হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় ৰে’ল বিভাগৰ বিষয়া । বিভাগীয় ৰেলৱে পৰিচালকো উপস্থিত হয় ঘটনাস্থলীত । ৰেলখন ৰেলপথলৈ উঠিওৱাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে । ৰে’ল যাতায়ত স্থগিত ৰখাৰ বাবে কিছু ৰে’লৰ গতিপথ সাল-সলনি কৰা হয় বুলি জানিবলৈ পৰা গৈছে । কাটনি, দামোহ, ভূপাল হৈ ইতাৰ্ছীলৈ খুলি দিয়া হৈছে ৰেলপথ ।
বন্দে ভাৰত, অভাৰ নাইট, নৰ্মদা এক্সপ্ৰেছ, গোডাম এক্সপ্ৰেছ নৰসিংপুৰ, জবলপুৰ, শ্ৰীধাম ষ্টেচন আদি ষ্টেচনত ৰখাই দিয়া হয় । গাৰ্ড ডবাখন ৰেলপথৰ পৰা ওলোৱাৰ আনুষ্ঠানিক কাৰণ ৰে’লৱেই দিয়া নাই। অৱশ্যে সূত্ৰৰ পৰা জানিব পৰা মতে, ট্ৰেক ফল্টৰ বাবে বাগৰি পৰে কোচটো। ডবাখন যোৱাৰ বাবে এই অংশত ৰে’ল যাতায়ত প্ৰভাৱিত হৈছে। কিছুমান ৰে’ল ডাইভাৰ্ট কৰা হৈছে আৰু কিছুমানৰ সময়সূচী পুনৰ নিৰ্ধাৰণ কৰা হৈছে।
অন্য এটা পথেৰে অব্যাহত আছে ৰেল যাতায়ত । গোডাম এক্সপ্ৰেছ, নৰ্মদা এক্সপ্ৰেছ, অভাৰনাইট, বন্দে ভাৰত এক্সপ্ৰেছ আৰু জন শতাব্দী ৰেলৰ যাতায়ত অব্যাহত আছে অন্য এটা ৰেলপথেৰে । ৰেলৱেৰ পি আৰ অ’ সুবেদাৰ সিঙে জানিবলৈ দিয়া অনুসৰি, গডিয়াবন্দে ভাৰত আৰু জনশতাব্দী এক্সপ্ৰেছৰ নতুন সময় নিৰ্ধাৰণ কৰা হৈছে ৷ 12062 জবলপুৰ-ৰাণী কমলাপতি জনশতাব্দী এক্সপ্ৰেছ জবলপুৰ ষ্টেচনৰ পৰা 2 ঘণ্টাৰ বাবে পুনৰ নিৰ্ধাৰণ কৰা হৈছে । জবলপুৰ-ইন্দোৰ অভাৰনাইট এক্সপ্ৰেছ 5.30 বজাত গন্তব্য ষ্টেচনত উপস্থিত হ'ব আৰু বিলাসপুৰ-ইন্দোৰ নৰ্মদাপুৰম এক্সপ্ৰেছ 9 ঘণ্টা পলমকৈ গন্তব্যস্থানত উপস্থিত হ'ব ।
22 জুলাইত বাৰাণসীৰ পৰা ওলোৱা 22688 বাৰাণসী-মহীশূৰ বাই-ৱেইকলি এক্সপ্ৰেছখন কাটনি-মুদ্ৱাৰা-বীন-ভূপাল-ইতাৰ্ছী হৈ গন্তব্যস্থান পাব । 22 জুলাইত দনাপুৰৰ পৰা 12792 নম্বৰৰ ডানাপুৰ-ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ ৰে’লখন জবলপুৰ-কাছপুৰা-গণ্ডিয়া-নাগপুৰ হৈ চলিব । 21 জুলাইত ৰাক্সাউলৰ পৰা ওলোৱা ৰাক্সাউল-ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছখন জাবলপুৰ- কাছপুৰা-গণ্ডিয়া-নাগপুৰ হৈ চলিব । 22 জুলাইত পাটনাৰ পৰা ৰাওনা হোৱা 12742 পাটনা-ভাস্কো দা গামা এক্সপ্ৰেছখন কাটনি-বিনা-ভূপাল-ইটাৰ্ছী হৈ যাব বুলি ৰেল বিভাগে জানিবলৈ দিয়ে । 22 জুলাইত ছপৰাৰ পৰা যোৱা 19046 ছপৰা-চুৰট এক্সপ্ৰেছখন কাটনি-বিনা-ভোপাল-ইটাৰ্ছী হৈ চলিব ।
লগতে পঢ়ক :Thieves Snatch IPS Cell Phone : গুৱাহাটীত অসুৰক্ষিত খোদ শীৰ্ষ আৰক্ষী বিষয়া!