নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ :আজি প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৮ সংখ্যক জন্ম জয়ন্তী (Atal Bihari Vajpayee birth anniversary)। দেশবাসীয়ে সুঁৱৰিছে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক । জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপাদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নেতাগৰাকীক স্মৰণ কৰে ৷ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি দেওবাৰে পুৱাই বাজপেয়ীৰ সমাধিস্থলী 'সদেৱ অটল'ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi pays tribute to Atal Bihari Vajpayee) উপস্থিত হৈ নেতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ।
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰেও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে । অনুষ্ঠানটোত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নিৰ্মলা সীতাৰমণ আৰু হৰদীপ সিং পুৰীও উপস্থিত থাকে । ইফালে পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
টুইটত প্ৰধানমন্ত্ৰীয়ে লিখিছে,"অটলজীৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ । ভাৰতলৈ তেওঁৰ অৱদান অচ্যুত । তেওঁৰ নেতৃত্ব আৰু দৃষ্টিভংগীয়ে লাখ লাখ লোকক অনুপ্ৰাণিত কৰে ।" ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ শাসনত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীত ভাৰতে সুশাসন দিৱস হিচাপে উদযাপন কৰে । ২০১৮ চনত ৯৩ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল ।
জানিব পৰা মতে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীত প্ৰতিখন ৰাজ্যতে বিজেপি দলে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে । দলীয় কাৰ্যালয়ত নেতা-কৰ্মীসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰিছে (Tributes to former PM Atal Bihari Vajpayee)।