নেশ্যনেল ডেস্ক, 15 আগষ্ট :স্বাধীনতা দিৱসত বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ নেতৃত্বত তিৰংগা যাত্ৰা উলিওৱা হয় । সমবেত লোকসকলক সম্বোধন কৰি সাংসদগৰাকীয়ে নিজকে শ্বাহজাহানৰ সৈতে তুলনা কৰি কয় যে বিশ্বত মাত্ৰ দুজন প্ৰেমিকৰ জন্ম হৈছে, এজন শ্বাহজাহান আৰু আনজন হৈছে ব্ৰীজ ভূষণ । শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল, মই নন্দিনী নগৰ নিৰ্মাণ কৰিলো । সাংসদজনে লগতে আৰু কৈছিল যে দেশ বিভাজনৰ বাবে জৱাহৰলাল নেহৰুহে দায়বদ্ধ । তেওঁৰ ভুল নীতিৰ বাবেই জয় কৰা এলেকাও হাতৰ পৰা ঘুৰি গৈছিল ।
স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সাংসদজনে তেওঁৰ পৈতৃক বাসগৃহ বিষ্ণোহৰপুৰৰ পৰা নৱাবগঞ্জৰ নন্দিনী নগৰলৈ তিৰংগা যাত্ৰা উলিয়াইছিল । ইয়াৰ পিচতে তেওঁ প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰশংসা কৰে । "বিজেপিয়ে কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰাই দিছিল । বিজেপিক এনে শক্তি দিয়াৰ বাবে জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ" । এই সময়ছোৱাত সাংসদগৰাকীয়ে নিজকে শ্বাহজাহানৰ সৈতে তুলনা কৰি কয় যে এই পৃথিৱীত মাত্ৰ দুজন প্ৰেমিকৰ জন্ম হৈছে । এজন শ্বাহজাহান আৰু আনজন হৈছে ব্ৰীজ ভূষণ সিং । শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল আৰু মই নন্দিনী নগৰ নিৰ্মাণ কৰিলো ।