অসম

assam

ETV Bharat / bharat

হায়দৰাবাদ বিমানবন্দৰত ৪ কেজি সোণ জব্দ - Gold smuggling in Hyderabad

ডুবাইৰ পৰা ভাৰতলৈ সোণৰ অবৈধ সৰবৰাহ অব্যাহত আছে (Gold smuggling from Dubai)। ডুবাইৰ পৰা তিনিজন লোকৰ পৰা উদ্ধাৰ হৈছে প্ৰায় ৪ কোটি মূল্যৰ সোণ । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে শুল্ক বিভাগে ।

Gold
হায়দৰাবাদ বিমানবন্দৰত ৪ কেজি সোণ জব্দ

By

Published : Oct 8, 2022, 11:56 AM IST

নেশ্যনেল ডেস্ক,৮ অক্টোবৰ :দেশত সোণৰ অবৈধ সৰবৰাহ অব্যাহত আছে । এইবাৰ পুনৰ হায়দৰাবাদত জব্দ ৪ কোটিৰো অধিক মূল্যৰ সোণ (Gold worth Rupees 4 crore seized at Hyderabad)। শুকুৰবাৰে শুল্ক বিভাগে হায়দৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জব্দ কৰিবলৈ সক্ষম হয় সোণখিনি ।

সামাজিক মাধ্যমত শুল্ক বিভাগে প্ৰকাশ কৰা মতে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত প্ৰথমে ডুবাইৰ পৰা অহা এজন যাত্ৰীক তন্নতন্নকৈ পৰীক্ষা কৰা হৈছিল । তেওঁৰ পৰা শুল্ক বিভাগে ৪.৮৯৫ কেজি পৰিমাণৰ সোণ জব্দ কৰে । এয়াৰ-কম্প্ৰেচাৰত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় সোণখিনি । সোণখিনিৰ মূল্য ২,৫৭,৪৭,৭০০ টকা হ'ব বুলি জানিব পৰা গৈছে ।

আন এক অভিযানত শুল্ক বিভাগে ডুবাইৰ পৰা অহা আন দুজন যাত্ৰীৰ পৰা প্ৰায় ২.৮ কেজি সোণ জব্দ কৰে । সোণখিনিৰ মূল্য ১,৪৭,২৮,০০০ টকা হ'ব বুলি উল্লেখ কৰিছে শুল্ক বিভাগে । যাত্ৰীকেইজনে বেগত লুকুৱাই আনিছিল সোণখিনি ।

লগতে পঢ়ক :কাৰাগাৰৰ ভিতৰৰ ড্ৰাগছৰ বিশাল চক্ৰ ফাদিল: ড্ৰাগছসহ আটক দুই

ABOUT THE AUTHOR

...view details