নিউজ ডেস্ক,25 ডিচেম্বৰ: কথিত আছে যে যি ভিতৰুৱা চোৰক ভগৱানেও আনকি ধৰিব নোৱাৰে তেনে চোৰৰ জন্ম নিজেই নহয় ৷ আৰক্ষীৰ অনুসন্ধানবোৰত উন্মোচিত হৈছে যে বাহিৰৰ চোৰ নিজৰ বৃত্তিত যিমানেই পাৰ্গত নহওক কিয় তেওঁলোকে চুৰি কাৰ্য সংঘটিত কৰা ঠাইত নিজৰ অপৰাধৰ প্ৰমাণ স্বৰূপে কিবা নহয় কিবা সুত্ৰ এৰি থৈ যায়েই ৷ কিন্তু সেই একেই চুৰি কাৰ্য যদি কোনো বিভাগৰ ভিতৰচ’ৰাত সংঘটিত হয়; তেনেহ’লে তাছিল্যতাৰ সন্মুখীন হোৱাৰ ভয়ত বা নিজৰ বিভাগটোৰ প্ৰতি থকা অহেতুক টান এটাৰ বাবেই ঘটনাটো গাপ দি থয় ৷ এই প্ৰসংগত আৰক্ষী বাহিনীৰ কথাকে ক’ব পাৰি; যাৰ কান্ধত চোৰবোৰক ধৰাৰ দৰে গধুৰ দায়িত্ব আছে; সেইটো বিভাগেই চোৰৰ পৰা উদ্ধাৰ কৰা সম্পদ সমূহকে আকৌ চোৰ কৰা সকলৰ বাবে এক সুন্দৰ আশ্ৰয় হিচাপে পৰিগণিত হৈছে আৰু ই দিনক দিনে উঁইৰ দৰে তলে তলে বাঢ়িহে গৈছে ৷ অপৰাধৰ তদন্তৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্তৰত তুলনাবিহীন সন্থা কেন্দ্ৰীয় অনুসন্ধান বিউৰ’ (চি বি আই), ওপৰত উল্লেখ কৰাৰ ধৰণৰ ঘটনা এটাৰ দ্বাৰা আক্ৰান্ত হ’ব লগীয়া হৈছে ৷ য’ত ১০৩ কিল’গ্ৰাম সোণৰ হৰলুকি হোৱাৰ কথা পোহৰলৈ আহিছে ৷ এই সংক্ৰান্তত যেতিয়া মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ৰাজ্যিক আৰক্ষী বিভাগৰ চি আই ডিৰ দাৰা তদন্তৰ বাবে নিৰ্দেশ জাৰি কৰে তেতিয়া চি বি আইয়ে বিভাগটোৰ মৰ্যদা হানি হোৱাৰ ভয়ত প্ৰতিবাদ সাব্যস্ত কৰে ৷
তলত এই প্ৰহসনটোৰ বিষয়ে আৰু অধিক বৰ্ণনা কৰা হ’লঃ
আঠ বছৰৰ পূৰ্বে চি বি আইয়ে চুড়াণা কৰ্পোৰেশ্বনত চলোৱা এক তালাচী অভিযানত মুঠ ৪০০.৪৭ কে জি সোণ আৰু গহণা বাজেয়াপ্ত কৰিছিল ৷ ক্ষমতাৰ অপব্যৱহাৰ কৰি সোণৰ আমদানীকাৰী প্ৰতিষ্ঠান চুড়াণা কৰ্পোৰেশ্বনক অনুচিত লাভ আয়ত্ব কৰিবলৈ সুবিধা কৰি দিয়াৰ অভিযোগত ধাতব আৰু খনিজ বাণিজ্য নিগমৰ বিষয়া সকলৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছিল ৷ দুৰ্নীতিৰ অভিযোগত এম এম টি ছি কৰ্তৃপক্ষৰ বিৰুদ্ধে মোকৰ্দ্দমা তৰিবলৈ যাওতে বাজেয়াপ্ত কৰা সোণৰ যে কোনো প্ৰয়োজন নাই; সেই কথাক সুনিশ্চিত কৰি চি বি আইয়ে বৈদেশিক বাণিজ্য নীতিক উলংঘা কৰাৰ অভিযোগত ২০১৩ চনত চূড়াণা কৰ্পোৰেশ্বনৰ বিৰুদ্ধে গোচৰ তৰিছিল ৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত চি বি আইয়ে ঘটনাটোত কোনো অপৰাধ নথকাৰ বাবে বন্ধ কৰি দিয়া হৈছে বুলি কৈ বিশেষ আদালতক সোণখিনি বৈদেশিক বাণিজ্যৰ মহাসচিবলৈ হস্তান্তৰিত কৰিবলৈ কয় ৷ লগতে সোণখিনিৰ গৰাকীজনক দুৰ্নীতিৰ গোচৰত কৰা তদন্তত সোধপোচ কৰা হ’ব বুলি কয় ৷ প্ৰকৃত খেলিমেলি তেতিয়া পোহৰলৈ আহিল, যেতিয়া চূড়াণা কৰ্পোৰেশ্বনে সোণখিনি তেওঁলোকক অৰ্পণ কৰিবলৈ আহ্বান জনায় ৷ কিয়নো তেওঁলোকে এছ বি আইকে ধৰি কেইবাটাও বেংকৰ পৰা ঋণ লৈ থৈছিল আৰু যেতিয়া এই বেংকবোৰে তেওঁলোক দেউলীয়া হোৱা বুলি ঘোষণা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল তেতিয়া বিশেষ আদালতে সোণখিনি হাস্তান্তৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷
অবিশ্বাস্য কাহিনীটো এনেধৰণৰ
চি বি আইয়ে এই কথা স্পষ্ট ৰূপত কৈছিল যে সম্পূৰ্ণ সোণখিনি স্বতন্ত্ৰ সাক্ষীৰ উপস্থিতিত জোখা হৈছিল আৰু মুঠ সোণৰ পৰিমাণ ৪০০.৪৭ কে জি বুলি সিদ্ধান্ত লোৱা হৈছিল ৷ এই সোণখিনি ৭২ টা তলা ব্যৱহাৰ কৰি চূড়াণা কৰ্পোৰেশ্বনৰ কোষাগাৰত সুৰক্ষিত কৰি ৰখা হৈছিল আৰু ছাবিবোৰ চি বি আইৰ বিশেষ আদালতক সঁপি দিয়া হৈছিল ৷ কিন্তু সোণখিনি এছ বি আইলৈ হস্তান্তৰিত কৰাৰ সময়ত আশ্বৰ্যজনকভাৱে ১০৩ কে জি সোণ কম পোৱা গৈছিল ৷ চি বি আইয়ে কোনো ধৰণৰ দ্বিধাবোধ নকৰাকৈয়ে প্ৰকাশ কৰা কাহনীটো শুনিলে আনকি বিশেষজ্ঞ একাউনটেন্ট সকলো হথচকিত হৈ পৰিব ৷ সোণৰ পৰিমাণ কমাৰ ক্ষেত্ৰত এনে ধৰণৰ এক মনোভাৱ পোষণ কৰা হৈছিল যে যেতিয়া সোণখিনি জমা কৰা হৈছিল তেতিয়া সমগ্ৰ সোণখিনিক একেলগ কৰি ওজন কৰা হৈছিল; আনহাতে এছ বি আইক সঁপাৰ সময়ত সোণৰ বিস্কুটবোৰৰ ওজন গাইগোটীয়াকৈ কৰা হৈছিল আৰু তাৰ ফলতেই সোণৰ পৰিমাণ কমিবলৈ পালে ৷ চি বি আইৰ কাহিনীৰ আগত সকলো ধৰণৰ কাল্পনিক কাহিনীয়েই ম্লান হৈ যাব !
সত্যতাৰ পৰীক্ষণ ?
অন্তৰ্ধান হোৱা সোণখিনি হস্তান্তৰ কৰিবৰ বাবে চি বি আইক নিৰ্দেশনা দিবলৈ মাদ্ৰাছ উচ্চ ন্যায়ালয়ত তৰা এক মোকৰ্দমাৰ শুনানিৰ সময়ত বিভাগটোৱে হাস্যকৰ যুক্তি আগবঢ়াইছিল ৷ কোৱা হয় যে, ঘটনাটোৰ তদন্ত স্থানীয় আৰক্ষীৰ পৰিৱৰ্তে কোনো প্ৰতিবেশী ৰাজ্যৰ আৰক্ষী নাইবা চি বি আই নাইবা ৰাষ্ট্ৰীয় অনুসন্ধান সন্থা (নিয়া)ৰ দ্বাৰা কৰা উচিত আছিল ৷ যদি স্থানীয় আৰক্ষীয়ে তদন্তটো পৰিচালনা কৰে তেনেহলে বিভাগটোৰ মৰ্যদা হানি হোৱাৰ সম্ভাৱনা আছে ৷ চি বি আইৰ এইৰ মন্তব্যক নস্যাৎ কৰি ন্যায়ালয়ে মহত্বপূৰ্ণ মন্তব্য কৰি কয় যে চি বি আইৰ কোনো বিশেষ অধিকাৰ নাই আৰু আমি সকলো আৰক্ষীৰ ওপৰতে আস্থা ৰখা উচিত ৷ আদালতে ৰায়দান কৰিছিল যে এই তদন্ত ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আৰু যদি তদন্তৰ শেষত চি বি আই নিকা বুলি প্ৰতিপন্ন হয় তেনেহ’লে তেওঁলোকৰ মৰ্যদা দুগুণে বৃদ্ধিহে পাব আৰু যদি সেইটোৱে নহয়, তেনেহ’লে বিভাগটো শাস্তিৰ বাবে প্ৰস্তুত থাকিব লাগিব ৷ বোধহয় চি বি আইয়ে পাহৰি গৈছে যে তেওঁলোকে সমাজত নিজৰ মৰ্যদা, নিকা ভাৱমূৰ্ত্তি আৰু প্ৰতিষ্ঠা বজাই ৰখাৰ দায়িত্বৰ পৰা আতৰি আহিছে ৷ চি বি আইয়ে এই কথাটো কিয় অনুভৱ কৰিব পৰা নাই যে তেওঁলোকৰ জিম্মাৰ পৰা ৪৩ কোটি টকাৰ মূল্যৰ সোণ অন্তৰ্ধ্যান হোৱা ঘটনাটোৰ পৰাই তেওঁলোকৰ প্ৰতিষ্ঠা ধূলিসাৎ হৈছিল ৷ এতিয়া সাধাৰণ নাগৰিকক এটা প্ৰশ্নই খেদি ফুৰিছে যে বেআইনীভাৱে তথা চোৰাংভাৱে সৰবৰাহ কৰা সামগ্ৰী সমূহ যেনে সোণ, বিভিন্ন নিচাযুক্ত সামগ্ৰীবোৰ; যিবোৰ বিভিন্ন তদন্তকাৰী সন্থাবোৰে তেওঁলোকৰ তালাচি অভিযানবোৰত বাজেয়াপ্ত কৰে সেইবোৰৰ আচলতে পৰিণতি কি হয়গৈ ? ই এটা এতিয়া এনে প্ৰশ্ন যিটো সৰ্বসাধাৰণৰ মগজুত দোলা দি আছে ৷ চৰকাৰী উৎসবোৰৰ মতে সমগ্ৰ দেশতে ২০০৫ চনৰ পৰা ১৫ চনৰ ভিতৰত ৬০ লাখ কে জি নিচাযুক্ত দ্ৰব্য বাজেয়াপ্ত কৰা হৈছিল আৰু ইয়াৰে ১৬ লাখ কে জি ধ্বংস কৰা হৈছিল ৷ চৰাকাৰী উৎসবোৰে শীৰ্ষ আদালতখনক জানিবলৈ দিয়ে যে বাকী ৰোৱা সামগ্ৰীখিনিৰ কি হ’ল; সেই বিষয়ে তেওঁলোকৰ হাতত কোনো ধৰণৰ তথ্য নাই ৷ আঠ বছৰৰ আগেয়ে ফ্লাৱাৰ বজাৰ আৰক্ষী চকীত মজুদ থকা ১৪৪ কে জি নিচাযুক্ত সামগ্ৰী অন্তৰ্ধানৰ অন্তৰালত যি সকল জড়িত আছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ এক বিশেষ আদালতে নিৰ্দেশ জাৰি কৰিছিল ৷ ২০১৫ চনত নিচাযুক্ত সামগ্ৰী নিয়ন্ত্ৰণ ব্যুৰ’ৰ কাৰ্যালয়ৰ পৰা 100 কিলোগ্ৰামতকৈও অধিক সামগ্ৰীৰ হৰলুকি হৈছিল ৷ বিভাগবোৰৰ ভিতৰচ’ৰাতে থকা হৰলুকি কাণ্ডৰ কলাকাৰসকলৰ কলাবাজি কৌশল দেখুৱাবলৈ আৰু কি ধৰণৰ প্ৰমাণৰ প্ৰয়োজন হ’ব ? দিল্লী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত যাত্ৰী সকলে বিদেশৰ পৰা চোৰাংভাৱে সৰবৰাহ কৰি অনা সোণ জব্দ কৰি নিৰাপদে ৰাখিবৰ বাবে শুল্ক বিভাগৰ এটা নিৰাপদ “ডিপ’জিট ছেষ্ট” আছে ৷ চি বি আইয়ে তাৰ পৰা চুৰি হোৱা শ শ কিলোগ্ৰাম সোণৰ তদন্ত কৰি আছে ! যেতিয়া তথ্য জনাৰ অধিকাৰৰ অধীনত এই সংক্ৰান্তত সবিশেষ জানিবৰ বাবে প্ৰশ্ন কৰা হৈছিল তেতিয়া শুল্ক বিভাগে আচৰিত ধৰণেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ তেওঁলোকে কৈছিল যে যদি সেই “ছেষ্ট”ৰ ভিতৰত কিমান সোণ জমা সেই কথা প্ৰকাশ কৰে তেনহ’লে বাকী থাক সোণখিনিও অসুৰক্ষিত হৈ পৰিব ! যদি অপৰাধটোৰ সবিশেষ প্ৰকাশ কৰা হয় তেনেহ’লে ইয়াৰ তদন্তত আউল লাগিব ৷ গুজৰাটৰ জামনগৰৰ শুল্ক বিভাগে তেওঁলোকৰ জিম্মাৰ পৰা ১০ লাখ কোটি টকা মূল্যৰ সোণ হেৰুৱাইছে ৷ চোৰাংচোৱা সন্থাৰ পৰিচালন ব্যৱস্থা ইমানেই দূৰ্নীতিগ্ৰস্থ আৰু তেওঁলোকৰ মনোভাৱ ইমানেই বেপৰুৱা ধৰণৰ যে এই কথা কোনেও গম নাপাই যে বাজেয়াপ্ত সামগ্ৰীবোৰ কাৰ অধীনলৈ যাব ৷ কেন্দ্ৰই সদনত ব্যক্ত কৰিছিল যে তিনিটা বছৰৰ ব্যৱধানত ৩৬ জন চি বি আই বিষয়াৰ বিৰুদ্ধে দূৰ্নীতিৰ গোচৰ ৰুজু কৰা হৈছিল ৷ চি বি আইৰ গৰ্হিত আৰু লজ্জাজনক প্ৰদৰ্শনলৈ লক্ষ্য কৰিলে দেখা যায় যে ৰাজনৈতিক কোণ জৰিত হৈ নথকা তদন্তবোৰত, যিবোৰত তেওঁলোকে সুন্দৰ প্ৰদৰ্শন কৰিছে সেইবোৰকো ম্লান কৰি পেলাইছে ৷ চোৰাংচোৱা সন্থাবোৰৰ এই ধৰণৰ গৰ্হিত কৰ্মই দেশৰ মৰ্যদাক বন্ধকিত ৰাখিছে ৷
লগতে পঢ়ক-'অটল বিহাৰী বাজপেয়ী' শীৰ্ষক গ্ৰন্থ উন্মোচন প্ৰধানমন্ত্ৰী মোদীৰ