নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ: জোনাক নিশা চোতালত ঢাৰি পাৰি বুঢ়ী আইৰ সাধু শুনা দিনবোৰ আমাৰ সকলোৰে পৰিচিত ৷ আইতাৰ তামোলৰ সেলেঙী বৈ অহা হাঁহিটোত ইটোৰ পিছত সিটো যাদুকৰী সাধু শুনা দিনবোৰ এতিয়া আৰু নাই ৷ কংক্ৰিটৰ মাজত কৰবাত হেৰাই গ’ল সেই মধুৰ দিনবোৰ ৷ কিন্তু আমি আজি আপোনাক যি কাহিনী ক'বলৈ ওলাইছো সেয়াও সাধুতকৈ কোনোগুণে কম নহয় ৷
সেই সাধুকথাত উল্লেখ থকাৰ দৰে পৌৰাণিক দিনত এনিশাৰ ভিতৰতেই যাদুকৰী সামগ্ৰী পাই এজন দুখীয়া খেতিয়ক ধনী হৈ যোৱাৰ দৰে অন্ধ্ৰপ্ৰদেশতো সংঘটিত হৈছে তেনে এক অনুৰূপ ঘটনা ৷ অসমীয়াত এষাৰ কথা আছে- ভাগ্যৰ লিখন নহয় খণ্ডন ৷ অন্ধ্ৰপ্ৰদেশৰ এলুৰু জিলাৰ এডুভাদালাপালেম গাঁৱত প্ৰতিদিনাৰ দৰেই এজন খেতিয়কে খেতিলৈ বুলি ওলাই গৈছিল ৷ তেওঁৰ পাম খেতিডৰাত তেওঁ পাইপ স্থাপন কৰিবলৈ খেতিডৰা চহাব লগা হৈছিল ৷ তেওঁ খেতিডৰা চহাওঁতেই প্ৰথমে এটি পুৰণি কলহ মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে ৷ লগে লগে কলহটো দেখি লোকজন আচৰিত হৈ পুনৰ খেতিডৰা চহাবলৈ আৰম্ভ কৰে ৷ তেওঁ আৰু অলপ খান্দোতেই মাটিৰ তলৰ পৰা আৰু এটা কলহ উদ্ধাৰ কৰে (Gold coins in the oil palm plantation)৷