নেশ্যনেল ডেস্ক,২৬ এপ্ৰিল :উত্তৰ-পূৱৰ ৰাজ্যসমূহত সোণৰ অবৈধ সৰবৰাহ অব্যাহত আছে (Gold smuggling in North East)। ইয়াৰ মাজতে মণিপুৰত শুল্ক বিভাগৰ এক সফল অভিযান । শুল্ক বিভাগে অভিযান চলাই চান্দেল জিলাৰ থামনাপোকপিৰ পৰা প্ৰায় ৮.৩০০ কিলোগ্ৰামৰ ৫০ খন সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয় (Customs seizes huge quantity of gold in Manipur)। জব্দকৃত সোণখিনিৰ মূল্য প্ৰায় ৪ কোটি ৪৩ লাখ ৯৫ হাজাৰ ২০০ টকা হ'ব বুলি অনুমান কৰা হৈছে ।
ইম্ফলস্থিত শুল্ক বিভাগৰ কাৰ্যালয়ত মঙলবাৰে সংবাদমেল সম্বোধন কৰি সহকাৰী আয়ুক্ত এইচ এল চং হাট্টে কয় যে, চুৰাচান্দপুৰৰ অধীক্ষকে পুৱা এক গোপন খবৰ লাভ কৰিছিল । খবৰ অনুসৰি প্ৰায় ৩০ বছৰীয়া এজন যুৱকে একে বয়সৰ আন এজন ব্যক্তিৰ সৈতে দুচকীয়া বাহনত লুকুৱাই সোণৰ বিস্কুট সৰবৰাহ কৰিছে । এই তথ্য আধাৰত চান্দেল জিলাত শুল্ক বিভাগৰ বিষয়াৰ এটা দলে অভিযান আৰম্ভ কৰে ।
কেইবাঘণ্টা ধৰি চলা অভিযানৰ অন্তত এখন দুচকীয়া বাহনত দুই সন্দেহযুক্ত যুৱকক প্ৰত্যক্ষ কৰি তেওঁলোকক বাধা দিয়ে শুল্ক বিভাগৰ অভিযানকাৰী দলটোৱে । প্ৰথম অৱস্থাত যুৱক দুজনে সোণ সৰবৰাহৰ কথা অস্বীকাৰ কৰে । পৰৱৰ্তী সময়ত যুৱক দুজনক আৰু বাহনখন শুক্ল বিভাগৰ কাৰ্যালয়লৈ অনা হয় ।