অসম

assam

ETV Bharat / bharat

টুইটাৰ (twitter) কতৃপক্ষক ভাৰত চৰকাৰৰ অন্তিম জাননী

ভাৰত চৰকাৰে শনিবাৰে টুইটাৰ (twitter)ক ছ'চিয়েল মিডিয়া কোম্পানীসমূহৰ বাবে দেশৰ নতুন নিয়ম অনুসৰণ কৰি ভাৰতীয় বিষয়া নিযুক্ত কৰাৰ বাবে অন্তিম জাননী দিয়ে ।

last notice
টুইটাৰ কতৃপক্ষক ভাৰত চৰকাৰৰ অন্তিম জাননী

By

Published : Jun 5, 2021, 4:50 PM IST

নেশ্যনেল ডেস্ক, ৫ জুন :টুইটাৰ (twitter) কোম্পানীক ভাৰত চৰকাৰে দিলে অন্তিম জাননী । সামাজিক মাধ্যমৰ নতুন নিয়ম অনুসৰণৰ বাবে টুইটাৰ (twitter)ক চৰকাৰে শনিবাৰে দিলে এই অন্তিম জাননী । নতুন নিয়ম অনুসৰি টুইটাৰে ভাৰতীয় বিষয়াক নিয়োগ কৰিব লাগিব ।

চৰকাৰে জনোৱা মতে মাইক্ৰ'ব্লগিং ছাইটৰ ফালৰ পৰা এই সতৰ্কবাণী মানি চলিবলৈ ব্যৰ্থ হ'লে পৰিণাম ভুগিব লাগিব টুইটাৰে । নিয়ম পালন নকৰিলে তথ্য প্ৰযুক্তি আইন ২০০০ৰ ধাৰা ৭৯ৰ অধীনত উপলব্ধ দায়বদ্ধতাৰ পৰা ৰেহাই প্ৰত্যাহাৰ কৰা হ'ব আৰু আইটি আইন আৰু ভাৰতৰ অন্যান্য দণ্ডবিধি অনুসৰি টুইটাৰে পৰিণামৰ বাবে দায়বদ্ধ হ'ব ।

উল্লেখ যে শনিবাৰে টুইটাৰে উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৰ টুইটাৰ একাউণ্টৰ পৰা ‘ভেৰিফাইড ব্লু টিক’ আঁতৰাই পৰৱৰ্তী সময়ত পুনৰুদ্ধাৰ কৰে ৷

লগতে পঢ়ক:পুনৰুদ্ধাৰ হ’ল ভেংকয়া নাইডুৰ ব্যক্তিগত টুইটাৰৰ ব্লু টীক

ABOUT THE AUTHOR

...view details