অসম

assam

ETV Bharat / bharat

Godhra train burning in Gujarat: গোধৰা কাণ্ডৰ আন এজন অভিযুক্তক আজীৱন কাৰাদণ্ড - 59 karsevaks killed in Godhra train carnage

২০০২ চনত গোধৰা ৰে'ল অগ্নিকাণ্ডৰ গোচৰত এজন অভিযুক্তক আজীৱন কাৰাদণ্ড (life imprisonment an accused of Godhra train burning)। গুজৰাটৰ পঞ্চমহল জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ এখন আদালতে অভিযুক্তক বিহিলে আজীৱন কাৰাদণ্ড।

godhra
Godhra train burning in Gujarat: গোধৰা ৰেলত অগ্নিসংযোগৰ গোচৰত অভিযুক্তক আজীৱন কাৰাদণ্ড

By

Published : Jul 3, 2022, 6:24 PM IST

নেচনেল ডেস্ক,৩জুলাই :২০০২ চনত গোধৰাত ৰে'লত অগ্নিসংযোগ কৰা ঘটনাৰ গোচৰত এজন অভিযুক্তক আজীৱন কাৰাদণ্ড বিহা হৈছে (life imprisonment an accused of Godhra train burning)। গুজৰাটৰ পঞ্চমহল জিলাৰ গোধৰাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ এখন আদালতে শনিবাৰে ২০২১ চনৰ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ৰফিক ভাটুকক আজীৱন কাৰাদণ্ড বিহে ।

উল্লেখ্য় যে, যোৱা বছৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতেই উক্ত গোচৰটোত তেওঁৰ বিৰুদ্ধে বিচাৰ আৰম্ভ হৈছিল । বিশেষ চৰকাৰী অধিবক্তা আৰ চি কোদেকাৰে উল্লেখ কৰা মতে ভাটুক হৈছে এতিয়ালৈকে গোচৰটোত আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা ৩৫ নম্বৰ অভিযুক্ত । তেওঁ গোচৰটোত অভিযুক্ত হিচাপে নামকৰণ কৰাৰ পিছত গোধৰাৰ পৰা পলাই গৈছিল ।

আনহাতে, ইয়ালৈ উভতি অহাৰ আগতে বিভিন্ন চহৰত আছিল । পঞ্চমহল আৰক্ষীৰ এটা বিশেষ অভিযান গোটে (SOG) যোৱা বছৰ ফেব্ৰুৱাৰীত গোধৰা চহৰৰ এটা এলেকাৰ পৰা ভাটুকক গ্ৰেপ্তাৰ কৰিছিল ।

২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত অযোধ্যাৰ পৰা কাৰসেৱকৰ সৈতে উভতি অহা এখন ৰেল জ্বলাই দিয়াৰ গোচৰত তেওঁ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছিল । এই ঘটনাটোত ৫৯ জন লোক নিহত হৈছিল (59 Karsevaks killed in Godhra train carnage)। ইয়াৰ ফলত ৰাজ্যখনত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল। উক্ত সাম্প্ৰদায়িক সংঘৰ্ষত ১,২০০ৰো অধিক লোক নিহত হৈছিল ।

ইয়াৰ পূৰ্বে, এছআইটিৰ এখন বিশেষ আদালতে ২০১১ চনৰ ১ মাৰ্চত গোচৰটোত ৩১ জন লোকক দোষী সাব্যস্ত কৰিছিল (Special SIT court)। তেওঁলোকৰ ভিতৰত ১১ জনক মৃত্যুদণ্ড দিয়া হৈছিল । আনহাতে, ২০ জনক আজীৱন কাৰাদণ্ড বিহিছিল আদালতে । গুজৰাট উচ্চ ন্যায়ালয়ে ২০১৭ চনৰ অক্টোবৰত ১১ জন দোষীৰ মৃত্যুদণ্ড আজীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰিছিল ।

আনহাতে, বিশেষ এছআইটি আদালতে প্ৰদান কৰা শাস্তি আন ২০ জনলৈ বজাই ৰাখিছিল । পিছত এই গোচৰটোত আৰু তিনিজন লোকক দুবাৰ আজীৱন কাৰাদণ্ড দিয়া হৈছিল ।

লগতে পঢ়ক:etv comment image Thumbnail image তাজমহলৰ ভিতৰত হিন্দু ধৰ্মৰ কোনো মূৰ্তি নাই !

ABOUT THE AUTHOR

...view details