নিউজ ডেস্ক, ১০ জানুৱাৰী: ভাৰতৰ গ' এয়াৰ বিমানসেৱাৰ এগৰাকী পাইলটক নিলম্বন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে যোৱা ৭ জানুৱাৰীত কৰা অপমানজনক টুইটক লৈ গ' এয়াৰ বিমানসেৱা কৰ্তৃপক্ষই নিলম্বন কৰে পাইলট মিক্কী মালিকক । এই সন্দৰ্ভত গ' এয়াৰৰ এগৰাকী উচ্চ পদস্থ বিষয়াই কয় যে গ' এয়াৰৰ শূন্য সহশীলতা নীতি আছে । এই নীতিক প্ৰতিগৰাকী কৰ্মচাৰীয়ে পালন কৰিব লাগিব । লগতে ছচিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰতো কেতবোৰ নীতি-নিয়ম পালন কৰি চলিব লাগিব । যদিহে কোনো কৰ্মচাৰীয়ে এই নীতি-নিয়ম ভংগ কৰে তেন্তে গ' এয়াৰে সমূলি সহ্য নকৰে । ইয়াৰ বাদে গ' এয়াৰে কোনো ব্যক্তি অথবা কৰ্মচাৰীয়ে প্ৰকাশ অথবা ব্যক্ত কৰা ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰে বুলিও কয় বিষয়াগৰাকীয়ে ।
ইতিমধ্যে পাইলট মিক্কীয়ে মোডীৰ বিৰুদ্ধে কৰা টুইটক লৈ অতি সোনকালে বিহীত ব্যৱস্থা গ্ৰহণ কৰি পদৰ পৰা নিলম্বন কৰে গ' এয়াৰ বিমানসেৱাই ।