অসম

assam

By

Published : Jul 30, 2021, 8:35 PM IST

ETV Bharat / bharat

গোৱাৰ দলবদ্ধ ধৰ্ষণ: নিজৰ মন্তব্যৰ স্পষ্টীকৰণ মুখ্যমন্ত্ৰী সাৱন্তৰ

তীব্ৰ বিতৰ্কৰ অন্তত মুখ্যমন্ত্ৰীয়ে কয় যে, তেওঁৰ বক্তব্যক প্ৰসংগৰ বাহিৰলৈ লৈ যোৱা হৈছে । নাগৰিকৰ সুৰক্ষা সদায় তেওঁৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, ধৰ্ষণৰ ঘটনাকলৈ তেওঁ যথেষ্ট মৰ্মাহত ।

Goa gang rape case
নিজৰ মন্তব্যৰ স্পষ্টীকৰণ মুখ্যমন্ত্ৰী সাৱন্তৰ

নেশ্যনেল ডেস্ক, ৩০ জুলাই :গোৱাৰ কিশোৰী ধৰ্ষণৰ ঘটনাক লৈ সম্প্ৰতি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । গোৱাৰ চলিত বিধানসভাৰ মজিয়াটো বিৰোধীয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে চৰকাৰক । বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে (Goa Cm Pramod Sawant) যি মন্তব্য কৰিছিল তাকলৈও সম্প্ৰতি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ গোৱাত ।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু অভিযোগ উত্থাপন কৰে যে, তেওঁৰ মন্তব্যক বিকৃত কৰা হৈছে । তেওঁৰ মতে, কোনো সময়তে তেওঁ আইনৰ দ্বাৰা প্ৰদান কৰা নিৰাপত্তাৰ অধিকাৰ অস্বীকাৰ কৰিবলৈ চেষ্টা কৰা নাই । তেওঁ লগতে কয় যে, গোৱা আৰক্ষীয়ে বিশেষকৈ মহিলা আৰু শিশুৰ নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে ক্ষীপ্ৰতাৰে কাম কৰিছে আৰু অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে ।

অপৰাধীসকলে আইনৰ অধীনত কঠোৰতকৈ কঠোৰ শাস্তি লাভ কৰিব বুলিও আশ্বাস দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰা মতে, নাগৰিকৰ সুৰক্ষা সদায় তেওঁৰ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, ধৰ্ষণৰ ঘটনাকলৈ তেওঁ যথেষ্ট মৰ্মাহত ।

কেৱল ৰাজ্যখনৰ মুৰব্বী হোৱাই নহয় ১৪ বছৰীয়া নিৰ্যাতিত কিশোৰীগৰাকীৰ পিতৃ হিচাপে নাবালকৰ দায়িত্বৰ বিষয়ে কোৱাৰ সময়ত তেওঁৰ মনত তেওঁলোকৰ প্ৰতি চিন্তা, মৰম আৰু যত্নৰ কথাহে আছিল । মুখ্যমন্ত্ৰী হোৱাৰ বাবে তেওঁৰ চিন্তা গোৱাৰ সকলো শিশুলৈ আছে । সেয়ে তেওঁ বিধানসভাত শিশুসকলৰ সুৰক্ষাৰ বিষয়ে বক্তব্য ৰাখিছিল, বিশেষকৈ নাবালকসকল সন্দৰ্ভত ।

তেওঁ লগতে কয় যে, গোৱাবাসীয়ে নিৰাপত্তাৰ অধিকাৰৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব । শিশুসকলক তেওঁলোকৰ জ্যেষ্ঠসকলৰ নিৰ্দেশনাৰ অতি প্ৰয়োজন । তেওঁ এগৰাকী ব্যক্তি আৰু মুখ্যমন্ত্ৰী হিচাপে কেতিয়াও প্ৰত্যক্ষ বা পৰোক্ষভাৱে গোৱাৰ নাগৰিকসকলৰ অনুভূতিক আঘাত কৰিব নোৱাৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে দৃঢ়ভাৱে কয় যে, ৰাজ্যখনৰ সন্তানৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ে চিন্তা কৰা বিষয়বোৰত কোনো আপোচ কৰা নহ'ব ।

ৰাইজক তেওঁৰ আহ্বান যাতে কোনেও ভুল বুজাবুজিৰ মাজত নাথাকে আৰু সকলোকে ঐক্যবদ্ধ হৈ থিয় হ'বলৈও আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ । তেওঁৰ মতে সকলো অশুভ শক্তিক ৰাজ্যবাসীৰ সকলো শক্তিৰে পৰাজিত কৰিব পৰা যাব । উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে চলিত অধিৱেশনত এক বিতৰ্কৰ সময়ত কৈছিল যে অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব । তেওঁলোকৰ সন্তানে নিশা কিয় সমুদ্ৰ তীৰত ঘূৰি ফুৰে সেইয়া অভিভাৱকসকলে নিজেও নিৰীক্ষণ কৰা প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰিছিল ৷

দক্ষিণ গোৱাৰ জনপ্ৰিয় কোলৱা সমুদ্ৰ তীৰত ২৪ জুলাইৰ নিশা দুগৰাকী কিশোৰীৰ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছিল ৷ ইতিমধ্যে ধৰ্ষণৰ অভিযোগত চাৰিজন লোকক দক্ষিণ গোৱাত গ্ৰেপ্তাৰ কৰা হৈছে আৰু সোমবাৰে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে । তেওঁলোকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু ধন দাবীৰ এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে ।

লগতে পঢ়ক :নাবালিকা ধৰ্ষণক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত গোৱাৰ মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details