অসম

assam

ETV Bharat / bharat

গোৱাত ২৮ জুনলৈ সান্ধ্য আইন বৃদ্ধি

ক’ভিডৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোৱা চৰকাৰে ২৮ জুনলৈ গোৱাত সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰিছে । ইফালে, উত্তৰ প্ৰদেশ চৰকাৰে ২১ জুনৰ পৰা সান্ধ্য আইন দুঘণ্টা শিথিল কৰিছে ।

Goa extends Covid curfew till June 28
গোৱা চৰকাৰে গোৱাত ২৮ জুনলৈ সান্ধ্য আইন বৃদ্ধি কৰে

By

Published : Jun 20, 2021, 1:28 PM IST

নেশ্যনেল ডেস্ক, 20 জুন : সান্ধ্য আইনক লৈ গোৱা চৰকাৰৰ নতুন নিৰ্দেশনা ৷ শনিবাৰে গোৱা চৰকাৰে গোৱাত সান্ধ্য আইন ২৮ জুনলৈ বৃদ্ধি কৰাৰ নিৰ্দেশ জাৰি কৰে । অৱশ্যে সোমবাৰৰ পৰা সাত দিনৰ বাবে আৰম্ভ হোৱা ৰাজ্যিক পৰ্যায়ৰ সান্ধ্য আইনত মাছৰ বজাৰ আৰু আন আন অত্যাৱশকীয় সামগ্ৰীৰ দোকানসমূহক পৰৱৰ্তী পৰ্যায়লৈ খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হৈছে ৷

মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে টুইটযোগে সদৰী কৰে যে, "ৰাজ্যিক পৰ্যায়ৰ সান্ধ্য আইন ২৮ জুন, ২০২১ পুৱা ৭ বজালৈ বৃদ্ধি কৰা হ'ব । চিনেমা হল, থিয়েটাৰ, মাল্টিপ্লেক্স, মনোৰঞ্জন ক্ষেত্ৰৰ বাহিৰে শ্বপিং মলৰ দোকানবোৰ পুৱা 7 বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত খোলাৰ অনুমতি দিয়া হৈছে । ইয়াৰ লগতে মাছৰ বজাৰো খুলিব পাৰে ৷"

উল্লেখ্য যে, ৰাজ্যখনত ক’ভিড-19 সংক্ৰমণ আৰু মৃত্যুৰ হাৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক পৰ্যায়ৰ সান্ধ্য আইন প্ৰথমে 9 মে'ত জাৰি কৰা হৈছিল । ইয়াৰ পাচতে ক’ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোৱাত পাঁচবাৰ সান্ধ্য আইন সময়ে সময়ে বৃদ্ধি কৰা হৈছিল ৷

ইফালে, উত্তৰ প্ৰদেশৰ মুখ্য সচিব আৰ কে তিৱাৰী(Chief Secretary RK Tiwari)এ জাৰি কৰা নিৰ্দেশত উল্লেখ কৰা অনুসৰি, উত্তৰ প্ৰদেশ চৰকাৰে(UP government) ২১ জুনৰ পৰা নিশাৰ সান্ধ্য আইন দুঘণ্টা শিথিল কৰিছে, যাৰ ফলত সপ্তাহত নিশা ৯ বজালৈকে দোকান, মল আৰু ৰেষ্টুৰেণ্ট খোলাৰ অনুমতি দিয়া হৈছে । আনহাতে, শনিবাৰ আৰু দেওবাৰে সাপ্তাহিক বন্ধ থাকিব ।

উত্তৰ প্ৰদেশ চৰকাৰৰ নিৰ্দেশনা অনুসৰি, সোমবাৰৰ পৰা সান্ধ্য আইনৰ সময় নিশা 9 বজাৰ পৰা পুৱা 7 বজালৈ হ'ব । ইয়াৰ পূৰ্বে, সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈ নৈশ সান্ধ্য আইন জাৰি কৰা হৈছিল ।

লগতে পঢ়ক : ত্ৰিপুৰাত দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল

ABOUT THE AUTHOR

...view details