অসম

assam

ETV Bharat / bharat

Goa dentists stage protest : গোৱাত জে পি নাড্ডাৰ অনুষ্ঠানত প্ৰতিবাদৰ ঢৌ - গোৱাত দন্ত চিকিৎসকৰ প্ৰতিবাদ

বায়' মেডিকেল আৱৰ্জনা নিয়ন্ত্ৰণ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত বহিল গোৱাৰ দন্ত চিকিৎসকসকল । শাসকীয় দল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ এক অনুষ্ঠানৰ মাজতে প্ৰতিবাদ সাব্যস্ত(Goa dentists stage protest) কৰিলে চিকিৎসকসকলে ।

JP Nadda
গোৱাত JP Naddaৰ অনুষ্ঠানত দন্ত চিকিৎসকৰ প্ৰতিবাদ

By

Published : Nov 25, 2021, 10:28 AM IST

নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ :বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ (BJP President JP Nadda) গোৱাৰ এক অনুষ্ঠানৰ মাজতে প্ৰতিবাদত বহিল দন্ত চিকিৎসকসকল (Goa dentists stage protest) । বায়' মেডিকেল আৱৰ্জনা নিয়ন্ত্ৰণ মাচুল বৃদ্ধিৰ (bio-medical waste handling fees hike) বিৰুদ্ধে এই প্ৰতিবাদ চিকিৎসকসকলৰ ।

উল্লেখ্য যে, বুধবাৰে গোৱাৰ ফিদালগো হোটেলত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল । য'ত স্বাস্থ্য সেৱাৰ সৈতে জড়িত লোকসকলৰ সৈতে জে পি নাড্ডাই বাৰ্তালাপ কৰাৰ কথা আছিল । অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ লগতে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতা, স্বাস্থ্যমন্ত্ৰী বিশ্বজিৎ ৰাণেকে ধৰি কেইবাগৰাকী মন্ত্ৰীও উপস্থিত আছিল ।

এই অনুষ্ঠানৰ সময়তে হাতত ক'লা বেণ্ড পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে(Goa dentists stage protest) দন্ত চিকিৎসকসকলে । প্ৰতিবাদৰ অন্তত গোৱাৰ ইণ্ডিয়ান ডেণ্টেল এছ'চিয়েশ্যনৰ সদস্য ডাঃ অনিল ডি'চিলভাই কয় যে শেহতীয়াকৈ বায়' মেডিকেল আৱৰ্জনা নিয়ন্ত্ৰণ মাচুল বৃদ্ধি কৰাটো অযুক্তিকৰ । সেয়ে এই প্ৰতিবাদৰ উদ্দেশ্য হৈছে ইয়াক চৰকাৰৰ দৃষ্টিগোচৰ কৰা । তেওঁৰ মতে, আন কেইবাটাও দাবী এই প্ৰতিবাদত উত্থাপন কৰা হৈছে ।

চিকিৎসকগৰাকীয়ে অভিযোগ কৰা মতে, দন্ত চিকিৎসকসকলৰ ক্ষেত্ৰত অন্যায় কৰিছে চৰকাৰে । দন্ত চিকিৎসকসকলক এক বিশেষ শ্ৰেণীত ৰখাৰ চেষ্টা কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে । ইফালে বায়' মেডিকেল আৱৰ্জনা নিয়ন্ত্ৰণ মাচুল(Average cost of biomedical waste) বৃদ্ধি কৰি এইটো দেখুৱাবলৈ চেষ্টা কৰা হৈছে যে দন্ত চিকিৎসকসকলে কামত বায়' মেডিকেল আৱৰ্জনাহে বেছি উৎপাদন কৰে ।

শেহতীয়াকৈ দিল্লীৰ বায়’টেক ৱেষ্টৰ সৈতে চৰকাৰে চুক্তি সম্পাদন কৰিছে আৰু দন্ত চিকিৎসকসকলক এইক্ষেত্ৰত শীৰ্ষ স্থানত ৰখা হৈছে । ইয়াৰ ফলত তেওঁৰ মাচুল যথেষ্ট বৃদ্ধি হৈছে ৷ প্ৰায় ১০ খন বিচনাযুক্ত এখন হাস্পতালৰ সমানে তেওঁলোকৰ মাচুল হৈছেগৈ । ডাঃ অনিল ডি'চিলভাৰ মতে বাকী ৰাজ্যত বায়' মেডিকেল আৱৰ্জনা সংগ্ৰহৰ গড় ব্যয় প্ৰতি মাহে ৬০০ টকা কিন্তু গোৱাত কৰ বাদ দি এই মূল্য হৈছে ১,৮০০ টকা ।

ইফালে প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে বুধবাৰে এক বিবৃতি জাৰি কৰে । বিবৃতিত উল্লেখ কৰা মতে, চিকিৎসকসকলৰ অনুষ্ঠানৰ সময়তে এই প্ৰতিবাদ হোৱাটো দুৰ্ভাগ্যজনক । চৰকাৰে আশ্বাস দিয়াৰ পাছতো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে । অৱশ্যে মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদকাৰীসকলে উত্থাপন কৰা সমস্যাসমূহ ইতিবাচকভাৱে সমাধান কৰাৰ আশ্বাস দিয়ে ।

লগতে পঢ়ক :Reduce Your Eye Strain : আয়ুৰ্বেদিক চিকিৎসাৰে হ্ৰাস কৰক চকুত পৰা অতিৰিক্ত চাপ

ABOUT THE AUTHOR

...view details