অসম

assam

ETV Bharat / bharat

Goa election result: গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত ধৰ্মেশ চাগলানীতকৈ সামান্য ভোটৰ ব্যৱধানত পিছ পৰি ৰৈছে

পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে 5 ৰাজ্য ক্ৰমে পঞ্জাৱ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ গোৱা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ (Goa election result) প্ৰথম পৰ্যায়ৰ অন্তত মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে দক্ষিণ গোৱাৰ চাংকেলিম সমষ্টিত প্ৰথম পৰ্যায়ৰ গণনাৰ শেষত তেওঁৰ প্ৰতিদ্বন্দী ধৰ্মেশ চাগলানীতকৈ ৪৩৬ টা ভোটত পিছপৰি আছিল ৷

Goa election result: গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত ধৰ্মেশ চাগলানীতকৈ সামান্য ভোটৰ ব্যৱধানত পিছ পৰি ৰৈছে
Goa election result: গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত ধৰ্মেশ চাগলানীতকৈ সামান্য ভোটৰ ব্যৱধানত পিছ পৰি ৰৈছে

By

Published : Mar 10, 2022, 11:37 AM IST

নেশ্যনেল ডেস্ক, 10 মাৰ্চ :আকৰ্ষণীয় হৈ পৰিছে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ভোটগণনা ৷ পঞ্জাৱ, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰৰ লগতে গোৱাৰ নিৰ্বাচনৰ ভোটগণনা প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে ৷ ইয়াৰ মাজতে ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মাজতো কিছু অন্তদণ্ডৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে (Pramod Sawant) দক্ষিণ গোৱাৰ চাংকেলিম সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোট গণনাৰ অন্তত তেওঁৰ প্ৰতিদ্বন্দী কংগ্ৰেছৰ ধৰ্মেশ চাগলানী(Dharmesh Saglani)তকৈ ৪৩৬ টা ভোটত পিছ পৰি আছিল (Goa CM Sawant trailing Cong) । ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় মনোহৰ পাৰিকাৰৰ পুত্ৰ উৎপল পাৰিকাৰে এই নিৰ্বাচনত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷ তাৰ বিপৰীতে পানাজী বিধানসভাৰ আসনখনত ভাৰতীয় জনতা পাৰ্টিৰ আতানাচিঅ’ মনচেৰাটে (Atanasio Monserrate) পিছ পৰি আছে ।

বিজেপিৰ ৰাজ্যিক সভাপতি সদানন্দ শেত তানাভাদে (Shet Tanavade) উল্লেখ কৰা অনুসৰি, এই নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব (Goa election result)।

উল্লেখ্য যে, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে বৃহস্পতিবাৰে পুৱাই পানাজীৰ এটা ভোটগণনা কেন্দ্ৰত উপস্থিত হৈছিল ৷ যিহেতু ৰাজ্যখনত শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ বাবে ভোট গণনা পুৱা 8 বজাৰ পৰাই আৰম্ভ হৈছিল । লগতে সাৱন্তে আৰক্ষী বিষয়াসকলৰ দ্বাৰা স্থাপন কৰা নিৰাপত্তা ব্যৱস্থাৰো শলাগ লৈছিল ৷

লগতে পঢ়ক :Goa election 2022 : 18 খন আসনত বিজেপিৰ অগ্ৰগতি

ABOUT THE AUTHOR

...view details