নেশ্যনেল ডেস্ক,১৭ আগষ্ট :তালিবানে (Taliban) আফগানিস্তানৰ ৰাজধানী দখল কৰাৰ লগে লগে সমগ্ৰ বিশ্বতে তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে আফগানিস্তানৰ মহিলা নেটৱৰ্কৰ কাৰ্যবাহী সঞ্চালক মেৰী আক্ৰামীয়ে (Afghan Women Network executive director Mary Akrami) সমগ্ৰ ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কয় যে, দেশৰখনৰ মহিলাসকলৰ পৰিস্থিতি অতি ভয়ানক হৈ পৰিছে । তেওঁৰ মতে আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰি তালিবানক এক মঞ্চ প্ৰদান কৰিছে যাতে পুনৰ আফগানিস্তানত তালিবানে ৰাজত্ব কৰিব পাৰে ।
ইফালে দেশখনৰ নাগৰিক আৰু মহিলাসকলৰ এই বিপদৰ সময়ত ভাৰতে তেওঁলোকক সহায় কৰিব বুলি আশাবাদী মেৰী আক্ৰামী । এক ফোনযোগে হোৱা সাক্ষাৎকাৰত তেওঁ আশা প্ৰকাশ কৰি কয় যে তেওঁলোকৰ এই বিপদৰ সময়ত ভাৰতে শান্তি প্ৰতিষ্ঠাৰ বাবে অগ্ৰণী ভূমিকা পালন কৰিব আৰু তেওঁলোকৰ এই দুৰ্দশাৰ সময়ত ভাৰতে তেওঁলোকৰ লগত থিয় দিব বুলিও আশাবাদী মেৰী আক্ৰামী । তেওঁৰ মতে শান্তি আলোচনাত ভাৰতে এখন ভাল চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিব ।
শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰত চৰকাৰক আগবাঢ়ি আহিবলৈও আহ্বান জনাই মেৰী আক্ৰামীয়ে । অৱশ্যে ভাৰত আৰু পাকিস্তানে তেওঁলোকৰ মাজৰ সমস্যা প্ৰথমে সমাধান কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে ৷ কিয়নো তেওঁৰ মতে দুয়োখন দেশৰ মাজৰ বিবাদৰ বাবে আফগানিস্তানে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে ।
ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা প্ৰত্যাহাৰৰ সিদ্ধান্তকো সমালোচনা কৰি তেওঁ কয় যে তালিবানক এই সুবিধা দিয়াৰ বাবে আমেৰিকাই আটাইতকৈ ডাঙৰ ভুল কৰিছে । আনহাতে এই ক্ষেত্ৰত সমগ্ৰ পৃথিৱীয়ে মৌনতা অৱলম্বন কৰাকলৈও ক্ষোভ প্ৰকাশ কৰে মেৰী আক্ৰামীয়ে । আফগানিস্তানত সম্প্ৰতি মহিলাৰসকলৰ প্ৰতি চৰম ভাবুকি অহাৰ কথাও ব্যক্ত কৰে মেৰী আক্ৰামীয়ে । তেওঁৰ মতে মহিলাসকলক মহৰম (group of escorts) অবিহনে ঘৰৰ বাহিৰলৈ ওলোৱাত নিষিদ্ধ কৰা হৈছে ।