নকৈ হোৱা গৱেষণা অনুসৰি সমগ্ৰ বিশ্বজুৰি যি হাৰত বৰফৰ ভাণ্ডাৰ সমূহৰ অন্তৰ্ধান হ’বলৈ ধৰিছে তাৰ গতি আৰু অধিক বৃদ্ধিহে পাইছে ৷
- লগতে এই গৱেষণাৰ পৰা ওলোৱা নিষ্কৰ্ষত উন্মোচিত হৈছে যে পৃথিৱীয়ে ১৯৯৪ চনৰ পৰা ২০১৭ চনৰ ভিতৰত ২৮ ট্ৰিলিয়ন টন বৰফ হেৰুৱাইছে ৷ বিলুপ্তি ঘটা এই সম পৰিমাণৰ বৰফেৰে সমগ্ৰ যুক্ত ৰাজ্যখনক এখন এশ মিটাৰ ডাঠ বৰফৰ চাদৰেৰে ঢাকিব পৰা গ’লহেতেন ৷
- এই পৰিসংখ্যা সমূহ এটা গৱেষণা দলে আজি (২৫ জানুৱাৰী,সোমবাৰ) প্ৰকাশ কৰি উলিয়াইছে ৷ উল্লেখ্য যে এই দলটোৱেই হৈছে প্ৰথমটো দল যি কৃত্ৰিম উপগ্ৰহৰ তথ্য ব্যৱহাৰ কৰি বিশ্বব্যাপি হোৱা বৰফৰ ক্ষতিৰ বিষয়ে এনে ধৰণৰ সমীক্ষা চলাইছে ৷
- লীড বিশ্ববিদ্যালয়ৰ নেতৃত্বত পৰিচালিত হোৱা দলটোৱে যুগুতোৱা তথ্যৰ পৰা গম পোৱা গৈছে যে বিগত তিনিটা দশকৰ ভিতৰত পৃথিৱীত লক্ষ্যণীয়ভাৱে বৰফৰ ক্ষতিৰ হাৰ বৃদ্ধি পাইছে ৷ ক্ষতি হোৱা বৰফৰ পৰিমাণ ১৯৯০ অৰ দশকত প্ৰতি বছৰে ০.৮ ট্ৰিলিয়ন টনৰ পৰা বৃদ্ধি হৈ ২০১ ৭ চনলৈ ই প্ৰতি বছৰে ১.৩ ট্ৰিলিয়ন টন হয়গৈ ৷
- অভিলেখ হাৰত বিশ্বব্যাপি হোৱা বৰফৰ গলনে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি কৰিছে ৷ যাৰ ফলশ্ৰুতিত উপকূলৱৰ্ত্তী জনবসতিপূৰ্ণ এলেকা সমূহত বানপানীৰ আশংকা বৃদ্ধি পাইছে ৷ লগতে বন্যজীৱ জন্তুৰ প্ৰাকৃতিক বসতিস্থল সমূহলৈও বিপদ মাতিছে ৷
- এডিনবাৰ্গ বিশ্ববিদ্যালয়, লণ্ডন বিশ্ববিদ্যালয় মহাবিদ্যালয় আৰু আৰ্থৱেভৰ তথ্য বিজ্ঞান বিশেষজ্ঞসকল অন্তৰ্ভুক্ত গৱেষণা দলটোৱে যুগুতোৱা ঠথ্য সমূহ ইউৰ’পিয়ান ভূ-বিজ্ঞান ইউনিয়নৰ পত্ৰিকা ‘দ্য ক্ৰীছফিয়েৰ’ত প্ৰকাশ পাইছে ৷
- এনেকৈ অভিলেখ হাৰত বিশ্বব্যাপি বৰফ ক্ষতি হোৱাৰ মূলতে হ’ল বায়ুমণ্ডল আৰু মহাসাগৰত বৃদ্ধি পোৱা উঞ্চতা ৷ যি ক্ৰমান্বয়ে ১৯৮০ চনৰ পৰা প্ৰতি দশকত ০.২৬° চে আৰু ০.১২° চে বৃদ্ধি পাইছে ৷ ক্ষতি হোৱা সমগ্ৰ বৰফৰ সৰহভাগ প্ৰধানতঃ বায়ুমণ্ডলীয় গলন (এটম’ছফেৰিক মেল্টিং) (৬৪%) ৷ আনহাতে বাকীখিনি (৩২%) হৈছে মহাসাগৰীয় গলন (অ’চিনিক মেল্টিং) ৷
- এই গৱেষণাটোৱে সমগ্ৰ পৃথিৱীজুৰি পৰ্ৱত সমূহত থকা ২১৫,০০০ টা হিমবাহ, গ্ৰীণলেণ্ড আৰু এণ্টাৰ্কটিকাৰ মেৰু অঞ্চলীয় বৰফৰ চাদৰ, এন্টাৰ্কটিকাত ওপঙি থকা বৰফৰ চপৰা সমূহ আৰু উত্তৰ মেৰু আৰু দক্ষিণ মহাসাগৰৰ আশে-পাশে ওপঙি থকা বৰফৰ টুকুৰা সমূহক সামৰি লৈছিল ৷
- বায়ুমণ্ডলত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা উঞ্চতাই হৈছে সমগ্ৰ পৃথিৱীজুৰি উত্তৰ মেৰু আৰু পৰ্ৱত সমূহৰ হিমবাহ সমূহৰ ক্ষয় হোৱাৰ মূল কাৰণ ৷ আনহাতে মহাসাগৰত বৃদ্ধি পোৱা উঞ্চতাই এন্তাৰ্কটিকাৰ বৰফৰ চাদৰ খনৰ ক্ষতি কৰিছে ৷ ইফালে গ্ৰীণলেণ্ড আৰু এন্টাৰ্কটিকাৰ বৰফৰ ভাণ্ডাৰ সমূহৰ ক্ষয় হৈছে মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় উঞ্চতা বৃদ্ধিৰ দুয়োটা কাৰণৰ ফলত ৷
- সমীক্ষাৰ সময়চোৱাত প্ৰতিটো স্তৰতেই বৰফৰ ক্ষতি হোৱা দেখা গৈছিল ৷ কিন্তু সকলোতকৈ বৃহৎ পৰিমাণে বৰফ ক্ষতি হোৱা দেখা গৈছিল দুই মেৰুৰ সাগৰত ওপঙি থকা বৰফত ৷ য’ত আছিল আৰ্কটিক সাগৰীয় বৰফৰ ক্ষতিৰ পৰিমাণ ৭.৬ ট্ৰিলিয়ন টন আৰু এন্টাৰ্কটিক বৰফৰ ভাণ্ডাৰৰ ৬.৫ ট্ৰিলিয়ন টন ৷