নিউজ ডেস্ক, 3 জানুৱাৰী : চতুৰ্থ সংখ্যক বিশ্ব আয়ুৰ্বেদিক মহোৎসৱ (GAF 2021)12 মাৰ্চৰ পৰা 19 মাৰ্চলৈ অনুষ্ঠিত হ'ব ৷ মহোৎসৱত আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰাসংগিকতা আৰু বিকাশৰ বিষয়ত গুৰুত্ব প্ৰদান কৰা হ'ব ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা আয়ুৰ্বেদিক মহোৎসৱৰ অধ্যক্ষ ভি. মুৰলিধৰণে দেওবাৰে জানিবলৈ দিয়ে এই কথা ৷
তেওঁ আকৌ জনাই যে, 12 মাৰ্চৰ পৰা 19 মাৰ্চৰ ভিতৰত প্ৰতিদিনে 5 টা স্থানত 12 খন আলোচনা চক্ৰৰ জৰিয়তে আলোচনা কৰা হ'ব আয়ুৰ্বেদিক চিকিৎসাৰ বিষয়ত ৷ ইয়াৰোপৰি ক'ভিড মহামাৰীৰ সময়ত আয়ুৰ্বেদিক ঔষধৰ গুৰুত্ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰতো আলোচনা কৰা হ'ব ৷ অধ্যক্ষ তথা মন্ত্ৰী গৰাকীয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰিছে এই কথা ৷