নিউজ ডেস্ক, ৩ জানুৱাৰী :এক ভূমি কেলেংকাৰীত অভিযুক্ত কৰি প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) হেমন্ত সোৰেনৰ বক্তব্য লিপিবদ্ধ কৰাৰ বাবে 'অন্তিম সুযোগ' হিচাপে জাৰি কৰা চমনক 'অবৈধ' আখ্যা দিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে । মঙলবাৰে সূত্ৰত এই কথা প্ৰকাশ ।
সূত্ৰ অনুসৰি, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে ইডিলৈ লিখা পত্ৰত লগতে কয় যে তেওঁ ইতিমধ্যে তেওঁৰ সম্পত্তিৰ বিৱৰণ প্ৰদান কৰিছে । উল্লেখ্য যে তেওঁ এতিয়ালৈকে ইডিয়ে জাৰি কৰা ছয়টা চমন এৰাই গৈছে ।
"সোৰেনে তেওঁক জাৰি কৰা চমনক 'অবৈধ' বুলি উল্লেখ কৰি ইডিলৈ পত্ৰ লিখিছে । তেওঁ ইডিৰ ওপৰত গোটেই বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ দৃষ্টিৰে বিচাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে । উত্তৰত তেওঁ লগতে কৈছে যে তেওঁ ইতিমধ্যে সম্পত্তিবোৰৰ বিৱৰণ প্ৰদান কৰিছে । তেওঁ ইডিৰ বিৰুদ্ধে চৰকাৰক অস্থিৰ কৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন কৰিছে ।" সূত্ৰত প্ৰকাশ ।
উল্লেখ্য যে বিগত সপ্তাহৰ আৰম্ভণিতে ইডিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক ধন আত্মসাত প্ৰতিৰোধ আইন, 2002-ৰ ধাৰাৰ অধীনত সপ্তমবাৰৰ বাবে চমন জাৰি কৰে আৰু তেওঁৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ ইডিৰ কাৰ্যালয়লৈ তলৱ কৰে । ইয়াৰ পূৰ্বে যিহেতু ইডিয়ে জাৰি কৰা ছয়টা চমনত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱা নাছিল, সেয়ে এইবাৰ সংস্থাটোৱে বিবৃতি ৰেকৰ্ড কৰাৰ বাবে এইটো তেওঁৰ অন্তিম সুযোগ বুলি উল্লেখ কৰিছিল ।
"যিহেতু আপুনি আপোনাক জাৰি কৰা চমনবোৰৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়লৈ অহা নাই, সেয়ে আমি আপোনাক ধন আত্মসাত প্ৰতিৰোধ আইন, 2002-ৰ ধাৰা 50-ৰ অধীনত আপোনাৰ বিবৃতি লিপিবদ্ধ কৰাৰ এই অন্তিম সুযোগ প্ৰদান কৰিছোঁ । নিৰ্দিষ্ট স্থান, তাৰিখ আৰু সময়ত আপোনাৰ লগতে নিম্নস্বাক্ষৰিতৰ (ইডি) বাবে পাৰস্পৰিকভাৱে সুবিধাজনক হোৱাকৈ উপস্থিত হওক । এই জাননী/চমন লাভ কৰাৰ 7 দিনৰ ভিতৰত এইটো হ'ব লাগে ।" ইডিৰ নিৰ্দেশত কোৱা হৈছে ।