নেশ্যনেল ডেস্ক, ২২ জানুৱাৰী: ছ'চিয়েল মিডিয়াত খলকনি তুলিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষৰ মুখ্য অৰ্থনীতিবিদ গীতা গোপীনাথে শ্বেয়াৰ কৰা এটা ভিডিঅ'ই । এই ভিডিঅ'টো বলীউডৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চনে আঁত ধৰা টেলিভিছন শ্ব' "কৌন বনেগা ক্ৰ'ড়পতি"ৰ । টেলিভিছন শ্ব'টোত অমিতাভ বচ্চনে গীতা গোপীনাথক লৈও এটা প্ৰশ্ন কৰিছিল । গীতা গোপীনাথৰ ফটো দেখুৱাই সেই তেওঁ কাম কৰা সংস্থাটোৰ নামটো সুধিছিল ।
সেই সময়তে উত্তৰটোৰ কিঞ্চিৎ আভাস দিয়াৰ বাবে বিগ বিয়ে কৈছিল যে, এই মহিলাগৰাকী ইমানেই ধুনীয়া যে তেওঁক কোনেও অৰ্থনীতিৰে সম্পৰ্ক থকা বুলি ধাৰণা কৰিব নোৱাৰে । টুইটযোগে এই ভিডিঅ'টো শ্বেয়াৰ কৰি গীতা গোপীনাথে কৈছে যে, এই ভিডিঅ'টো তেওঁৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । লগতে তেওঁ অমিতাভ বচ্চনক সৰ্বকালৰ মহান অভিনেতাও আখ্যা দিয়ে ।