অসম

assam

ETV Bharat / bharat

Superstition : ঋতুস্ৰাৱৰ বাবেই গছপুলি ৰোপন কৰিবলৈ অনুমতি নিদিলে ছাত্ৰীক - Government Girls Ashram School

বিজ্ঞানৰ যুগতো অন্ধবিশ্বাসে গ্ৰাস কৰিছে দেশৰ একাংশ লোকক (Superstition in India) ৷ ঋতুস্ৰাৱ হৈ থকাৰ ছাত্ৰীক বিদ্যালয়ত গছপুলি ৰোপনৰ বাবে অনুমতি নিদিলে বিদ্যালয়ৰ শিক্ষয়িত্ৰীয়ে (Girl student not allowed to plant tree on menstrual period)৷

Girl student not allowed to plant tree on menstrual period
ঋতুস্ৰাৱৰ বাবেই গছপুলি ৰোপন কৰিবলৈ অনুমতি নিদিলে ছাত্ৰীক

By

Published : Jul 25, 2022, 5:48 PM IST

নেশ্যনেল ডেস্ক, 25 জুলাই:আজৱ দেশৰ গজৱ ঘটনা ৷ বিজ্ঞানৰ যুগতো অন্ধবিশ্বাসে গ্ৰাস কৰিছে দেশৰ একাংশ লোকক (Superstition in India) ৷ যাদুবিদ্যা, ধনৰ বৰষুণ হোৱা, দুৱাৰত নেমু আৰু জালুক লগোৱা, সাপ এটাক হত্যা কৰাৰ পিছত মুখ কামোৰা, ৰাতি নখ নকটা, ইচ্ছা পূৰণৰ বাবে নদীত ধন দলিয়াই দিয়া, কবৰস্থানৰ পৰা অহাৰ পিছত গা ধোৱা আদি এনেধৰণৰ অন্ধবিশ্বাস এতিয়াও গ্ৰাম্য অঞ্চলত দেখা যায় ৷

এইবাৰ নাছিকত সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ এগৰাকী ছাত্ৰীক ঋতুস্ৰাৱ হৈ থকাৰ বাবেই বিদ্যালয়ত গছপুলি ৰোপনৰ বাবে অনুমতি নিদিলে বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰ টি দেৱাৰে ৷ নাছিকৰ ত্ৰিম্বকেশ্বৰ তালুকৰ দেৱগাঁৱৰ চৰকাৰী ছোৱালী আশ্ৰম বিদ্যালয়ত সংঘটিত হৈছে এই আচৰিত ঘটনা (Government Girls Ashram School)৷

ছাত্ৰীগৰাকীয়ে ঋতুস্ৰাৱ হৈ থকাৰ সময়তে গছপুলি ৰোপন কৰিবলৈ যোৱাৰ বাবে শিক্ষয়িত্ৰীগৰাকীয়ে বাধা দিয়াৰ লগতে ছাত্ৰীগৰাকীক ঠাট্টা মস্কৰা কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ কেৱল এয়াই নহয় শিক্ষয়িত্ৰীগৰাকীয়ে সমজুৱাকৈ ঘোষণা কৰি কয় যে যিসকল ছাত্ৰী ঋতুস্ৰাৱ হৈ আছে তেওঁলোকে যাতে গছপুলি ৰোপন নকৰে (Girl student not allowed to plant tree on menstrual period) ৷ শিক্ষয়িত্ৰীগৰাকীৰ এই কথাত আচৰিত হয় ছাত্ৰীসকল ৷

ছত্ৰীগৰাকীয়ে এই কাৰ্যৰ বিৰোধিতা কৰি ক্ষোভ প্ৰকাশ কৰি কয় যে ভাৰত আধুনিক প্ৰযুক্তিৰ দিশে আগবাঢ়িছে, আনহাতে গ্ৰাম্য অঞ্চলত এতিয়াও অন্ধবিশ্বাসে লগ এৰা নাই ৷ তেওঁ লগতে কয়, "যোৱা বছৰ আমি বিদ্যালয়ত গছ ৰোপণ কৰিছিলো, কিন্তু গছবোৰ জীয়াই নাথাকিল ৷ এতিয়া আমি পুনৰ গছ ৰোপণ কৰিছো ৷ কিন্তু এই বছৰ ঋতুস্ৰাৱ হোৱা ছাত্ৰীসকলে গছ ৰোপণ কৰিব নালাগে বুলি শিক্ষয়িত্ৰীয়ে বিদ্যালয়খনত ঘোষণা কৰি দিয়ে ৷ শিক্ষয়িত্ৰীয়ে মোক গছ ৰোপণ কৰিবলৈ নিদিলে ৷ শিক্ষয়িত্ৰীগৰাকীয়ে দ্বাদশ পৰীক্ষাত মোক কম নম্বৰ দিম বুলিও ভাবুকি দিছিল ৷"

আশ্ৰমৰ বিদ্যালয়ত বহুতো সমস্যা আছে ৷ বিদ্যালয়ৰ ৰাতিপুৱাৰ আহাৰ আৰু দুপৰীয়াৰ আহাৰ ভাল নহয় বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক :ডাইনী নে আন কিবা : কিয় হত্যা কৰা হ’ল বেলা মাৰ্ডিক ?

ABOUT THE AUTHOR

...view details