নিউজ ডেস্ক, 29 মে’ : জিঘাংসাৰ চৰম সীমা ৷ দিল্লীৰ শ্বাহবাদ অঞ্চলৰ এটা ব্যস্ত ৰাজপথত জনসমাগমৰ মাজতে এক বৰ্বৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Horrifying Murder in Delhi)৷ দেওবাৰে নিশা ৰাজধানী চহৰ দিল্লীৰ এটা ব্যস্ত গলীত প্ৰেমিকে নিজ প্ৰেমিকাক উপৰ্যুপৰি প্ৰায় 20 বাৰতকৈও অধিক ছুৰীৰে আক্ৰমণ কৰিয়েই ক্ষান্ত নাথাকি শিলেৰে থেতেলিয়াই হত্যা কৰে ৷ এই শিহৰণকাৰী সমগ্ৰ ঘটনা বন্দী হৈছিল চিচিটিভি কেমেৰাত (Minor girl stabbed over 20 times)৷
ঘটনা অনুসৰি শনিবাৰে নাবালিকা প্ৰেমিকা আৰু প্ৰেমিক ছাহিলৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল ৷ কাজিয়াৰ পিচতে নাবালিকা প্ৰেমিকাগৰাকীয়ে তেওঁৰ বন্ধুৰ পুত্ৰৰ জন্মদিনৰ পাৰ্টীলৈ বুলি গৈছিল (minor girl was brutally stabbed to death) ৷ তাৰ পিচতে উত্তৰ পশ্চিম দিল্লীৰ শ্বাহবাদ দুগ্ধ অঞ্চলত কিশোৰীগৰাকীক ছাহিলে আগভেটি ধৰে ৷ ছাহিলে হাতত থকা এখন ছুৰীৰে অতৰ্কিতে কিশোৰীগৰাকীক জনসমাগমৰ মাজতে উপৰ্যুপৰি আক্ৰমণ কৰে (Girl brutally murdered in Delhi by boyfriend) ৷ ছাহিলে এবাৰ দুবাৰেই নহয় প্ৰায় 20 বাৰতকৈও অধিক কিশোৰীগৰাকীক উপৰ্যুপৰি ছুৰীৰে আঘাত কৰে ৷ ইয়াতেই ক্ষান্ত নাথাকি ছাহিলে পথৰ কাষতে থকা এটা শিল উঠাই কিশোৰীগৰাকীৰ মূৰত প্ৰহাৰ কৰে ৷
এই ঘটনা সংঘটিত কৰি ছাহিলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ঘটনাস্থলীত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত কিশোৰীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছিল ৷
হত্যাৰ পিচত পলাতক অভিযুক্তটোক সোমবাৰে বিয়লি উত্তৰ প্ৰদেশৰ বুলন্দচহৰৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ দিল্লী আৰক্ষীৰ জনসংযোগ বিষয়া সুমন নলৱাই ঘটনা সন্দৰ্ভত কয় যে, ইতিমধ্যে হত্যাকাৰী ছাহিলক গ্ৰেপ্তাৰ কৰা হৈছে (accused arrested)৷ ছাহিল ফ্ৰীজ আৰু এচি মেকানিক হিচাপে কৰ্মৰত আছিল ৷ চিচিটিভি ভিডিঅ'টোত, ঘটনাটো সংঘটিত হৈ থকাৰ সময়ত লোকসকলক ছাহিলে আক্ৰমণ কৰি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰি পাৰ হৈ যোৱা দেখা গৈছে ৷ কিন্তু ছাহিলক বাধা দিবলৈ কোনেও চেষ্টা কৰা দেখা নগ’ল ৷