নিউজ ডেস্ক, 10 ডিচেম্বৰ : পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা 370 নং অনুচ্ছেদ বাতিলৰ প্ৰত্যাহ্বান জনাই কৰা এক আবেদনৰ সোমবাৰে উচ্চতম ন্যায়ালয়ে ৰায়দান কৰাৰ সম্ভাৱনা আছে ৷
কেন্দ্ৰই 2019 চনৰ 5 আগষ্টত সংবিধানৰ 370 নং অনুচ্ছেদৰ বিধান বাতিল কৰি ৰাজ্যখনক কেন্দ্ৰীয় শাসিত অঞ্চললৈ অৱনমিত কৰে ৷ উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত আপলোড কৰা 11 ডিচেম্বৰৰ (সোমবাৰ) তালিকা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ৰায়দান কৰিব ৷ বিচাৰপীঠৰ আন সদস্যসকল হৈছে ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, সঞ্জীৱ খান্না, বি আৰ গাভাই আৰু সূৰ্য কান্ত ৷
16 দিনীয়া শুনানিৰ অন্তত 5 ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে এই বিষয়ত ৰায় সংৰক্ষিত কৰি ৰাখিছিল ৷ শুনানিৰ সময়ত শীৰ্ষ আদালতে কেন্দ্ৰৰ হৈ এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণি, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা, জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে, ৰাকেশ দ্বিবেদী, ভি গিৰি আদি আৰু 370 নং অনুচ্ছেদৰ বিধান বাতিলৰ পক্ষ লোৱা হস্তক্ষেপকাৰীসকলৰ শুনানি গ্ৰহণ কৰে ৷
কপিল ছিবাল, গোপাল সুব্ৰমণিয়াম, ৰাজীৱ ধৱন, জফ্ফৰ শ্বাহ, দুষ্যন্ত দাৱেকে ধৰি জ্যেষ্ঠ অধিবক্তাই আৱেদনকাৰীৰ হৈ যুক্তি আগবঢ়াইছিল ৷ 370 নং অনুচ্ছেদৰ বিধানসমূহ বাতিল কৰাৰ বাবে কেন্দ্ৰই লোৱা সিদ্ধান্তৰ সাংবিধানিক বৈধতা, পূৰ্বৰ ৰাজ্যখনক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা জম্মু-কাশ্মীৰ পুনৰ্গঠন আইনখনৰ বৈধতা, জাপি দিয়াৰ প্ৰত্যাহ্বানকে ধৰি বিভিন্ন বিষয়ত অধিবক্তাসকলে গুৰুত্ব আৰোপ কৰিছিল ৷ 2018 চনৰ 20 জুনত জম্মু-কাশ্মীৰত ৰাজ্যপালৰ শাসন আৰু 2018 চনৰ 19 ডিচেম্বৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়া হয় আৰু 2019 চনৰ 3 জুলাইত ইয়াক বৃদ্ধি কৰা হয় ৷
370 নং অনুচ্ছেদৰ বিধানসমূহ বাতিল কৰা আৰু পূৰ্বৰ ৰাজ্যখনক কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰা জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন, 2019ৰ বৈধতাক প্ৰত্যাহ্বান জনাই 2019 চনত সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছিল ৷ 2 আগষ্টৰ পৰা এই বিষয়টো আৰম্ভ হৈছিল ৷
শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিছিল যে জম্মু-কাশ্মীৰত 370 অনুচ্ছেদ বাতিলৰ পৰামৰ্শ কোনে দিব পাৰে, য’ত কোনো সংবিধানসভা নাই, এনে পদক্ষেপ লোৱাৰ পূৰ্বে যাৰ সন্মতিৰ প্ৰয়োজন ৷ সংবিধানত অস্থায়ী বুলি বিশেষভাৱে উল্লেখ কৰা এটা ব্যৱস্থা (370) 1957 চনত জম্মু-কাশ্মীৰ সংবিধান সভাৰ কাৰ্যকালৰ অন্ত পৰাৰ পিছত কেনেকৈ স্থায়ী হ’ব পাৰে সেই কথাও শীৰ্ষ আদালতে প্ৰশ্ন কৰিছিল ৷