নেশ্য়নেল ডেস্ক, ১ অক্টোবৰ:জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী (Former Chief Minister of JK Ghulam Nabi Azad) গোলাম নবী আজাদক তেওঁৰ নৱগঠিত ডেমক্ৰেটিক আজাদ পাৰ্টিৰ (Democratic Azad Party) অধ্যক্ষ নিৰ্বাচিত কৰা হৈছে । এই বিষয়ে শনিবাৰে সদৰি কৰিছে দলৰ এজন নেতাই । জম্মু আৰু শ্ৰীনগৰত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠাপক সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত অধিৱেশনত এই সন্দৰ্ভত এক প্ৰস্তাৱ গৃহীত কৰা হয় বুলি নেতাজনে কয় ।
উল্লেখ্য় যে যোৱা ২৬ আগষ্টত কংগ্ৰেছ ত্যাগ কৰা ৭৩ বছৰীয়া আজাদে ২৬ ছেপ্টেম্বৰত জম্মুত কেইবাগৰাকীও প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক আৰু অন্যান্য বিশিষ্ট নেতাৰ সমৰ্থনত ডেমক্ৰেটিক আজাদ পাৰ্টি গঠন কৰিছিল ।