অসম

assam

ETV Bharat / bharat

প্ৰাক্তন কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ নতুন দল ঘোষণা - Upcoming Jammu and Kashmir election

আজাদে কৈছিল যে তেওঁৰ দল ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু যিকোনো প্ৰভাৱৰ পৰা স্বতন্ত্ৰ হ'ব । আজাদে কংগ্ৰেছৰ সৈতে তেওঁৰ সম্পৰ্ক ছিন্ন কৰাৰ এমাহ পিছত নতুন দলটো ঘোষণা কৰে (Ghulam Nabi Azad announces new party) ।

Azad
Azad

By

Published : Sep 26, 2022, 2:25 PM IST

নেচনেল ডেস্ক, ২৬ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ এমাহ পিছত সোমবাৰে তেওঁৰ নতুন দলৰ নাম ঘোষণা কৰে (Ghulam Nabi Azad announced name of new party) । তেওঁ দলটোৰ নাম হৈছে ডেমোক্ৰেটিক আজাদ পাৰ্টী (Democratic Azad Party) ।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত আজাদে কয় যে তেওঁৰ দল ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু যিকোনো প্ৰভাৱৰ পৰা স্বতন্ত্ৰ হ'ব । প্ৰবীণ ৰাজনীতিবিদজনে সৰিয়হ, বগা আৰু নীলা ৰঙৰ ডেমোক্ৰেটিক আজাদ পাৰ্টীৰ পতাকাও উন্মোচন কৰে (Azad unveiled flag of Democratic Azad Party) ।

ইয়াৰ পূৰ্বে আজাদে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত জম্মুত তেওঁৰ প্ৰথম ৰাজহুৱা সভাত নিজৰ ৰাজনৈতিক দল আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল । তাত তেওঁ উল্লেখ কৰিছিল যে জম্মু-কাশ্মীৰৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব দিব । লগতে তেওঁ কৈছিল যে তেওঁৰ ৰাজনৈতিক দলটোৰ প্ৰথম গোটটো জম্মু-কাশ্মীৰৰ আসন্ন বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি জম্মু আৰু কাশ্মীৰত গঠন কৰা হ'ব । তেওঁ লগতে কয়, "মোৰ দলে পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ, ভূমিৰ অধিকাৰ আৰু স্থানীয় বাসিন্দাসকলৰ নিযুক্তিৰ ওপৰত গুৰুত্ব দিব (Upcoming Jammu and Kashmir election) ।"

আনহাতে, তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় (Ghulam Nabi Azad lashed out at Congress), "মানুহে আমাক (মই আৰু মোৰ যিসকল সমৰ্থকে দল ত্যাগ কৰিছিল) বদনাম কৰিবলৈ চেষ্টা কৰি আছে । কিন্তু তেওঁলোকৰ উপলব্ধি কম্পিউটাৰ টুইটতে সীমাবদ্ধ ।" আজাদে লগতে কয়, "কংগ্ৰেছ আমাৰ তেজৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল, কম্পিউটাৰৰ দ্বাৰা নহয়, টুইটাৰৰ দ্বাৰা নহয় । মানুহে আমাক বদনাম কৰিবলৈ চেষ্টা কৰি আছে, কিন্তু তেওঁলোকৰ উপলব্ধি কম্পিউটাৰ আৰু টুইটত সীমাবদ্ধ । সেয়েহে কংগ্ৰেছক তৃণমূলত ক'তো দেখা নাযায় ।" জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে জম্মুৰ সৈনিক কলনীত তেওঁৰ প্ৰথম ৰাজহুৱা সভাত এই কথা কৈছিল ।

উল্লেখ্য, ছোনিয়া গান্ধীলৈ লিখা পদত্যাগ-পত্ৰত তেওঁ দলৰ নেতৃত্ব, বিশেষকৈ ৰাহুল গান্ধীক লক্ষ্য কৰি লৈছিল । বিগত প্ৰায় ৯ বছৰ ধৰি যেনেধৰণে দলটো চলি আছে তাৰ ওপৰত তেওঁ আক্ৰমণ কৰিছিল । উল্লেখ্য, আজাদ ২০০৫ চনৰ পৰা ২০০৮ চনলৈ জম্মু আৰু কাশ্মীৰৰ মুখ্যমন্ত্ৰী আছিল ।

লগতে পঢ়ক :Rajasthan Congress : ৭৬ বিধায়কৰ অধ্যক্ষক পদত্যাগ পত্ৰ দাখিল

ABOUT THE AUTHOR

...view details