নেশ্যনেল ডেস্ক, 17 ডিচেম্বৰ:বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সময়তো ভূত-প্ৰেত সম্পৰ্কত মানুহৰ চিৰন্তন আগ্ৰহ আৰু ৰহস্যময়তা শেষ হৈ যোৱা নাই (Ghost in School)৷ ভূত-প্ৰেত সম্পৰ্কে সকলো লোকৰে মতামত বেলেগ বেলেগ ৷ কিছুমান মানুহে ভূত বিশ্বাস কৰে আৰু কোনোৱে আকৌ ইয়াক কেৱল ভ্ৰম বুলিহে গণ্য কৰে ৷ বহুতে আকৌ ভূত স্ব-চক্ষে দেখা পোৱা বুলিও দাবী কৰে ৷ তেওঁলোকৰ মাজৰে একাংশ লোকে তেওঁলোকৰ ভূতৰ সৈতে হোৱা ভয়ংকৰ অভিজ্ঞতাৰ কথাও ব্যক্ত কৰে ৷ অবিশ্বাস্য যেন লাগিলেও ভূতৰ অৱস্থিতিৰ কথা অস্বীকাৰ কৰিব নোৱাৰি ৷
এইবাৰ মধ্যপ্ৰদেশৰ শ্বাহডোল জিলাত পোহৰলৈ আহিছে ভূতৰ অবিশ্বাস্য ঘটনা (ghost in shahdol school)৷ শ্বাহডোল জিলাৰ অন্তিম প্ৰান্তৰ বিলতিকুৰীৰ ঝিংকবিজুৰী চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা ৷ শেহতীয়াকৈ বিদ্যালয়খনৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ আজৱ কাণ্ডই সকলো দৃষ্টি আকৰ্ষণ কৰিছে ৷ ঘটনা অনুসৰি বিদ্যালয়ত পঢ়া ছাত্ৰীসকল বিদ্যালয়ত উপস্থিত হোৱাৰ লগে লগে হঠাতে তেওঁলোকে অদ্ভুত আচৰণ কৰিবলৈ আৰম্ভ কৰে (students start dancing as soon as enter in school) ৷
শিক্ষাৰ্থীসকলে মাটিত শুই কান্দিবলৈ আৰম্ভ কৰে, অদ্ভুত শব্দ কৰি চিঞৰি উঠে ৷ শেহতীয়াকৈ এগৰাকী ছাত্ৰীয়ে একে কাণ্ড কৰা দেখি বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰীগৰাকীক নিকটৱৰ্তী এখন চিকিৎসালয়ত ভৰ্তি কৰিছিল ৷ কিন্তু ছাত্ৰীগৰাকীৰ এই আচৰণ দেখি হাস্পতাল কৰ্তৃপক্ষ আচৰিত হৈছিল ৷ ছাত্ৰীগৰাকীৰ ৰোগ সন্দৰ্ভত একো আওভাও নাপায় চিকিৎসালয়ৰ লোকে ছাত্ৰীগৰাকীক চিকিৎসা কৰিবলৈ অমান্তি হয় ৷
এই ঘটনা প্ৰত্যক্ষ কৰাৰ পিছতে শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলো যথেষ্ট আতংকিত হয় ৷ ফলত তেওঁলোকে বিদ্যলয়খনত ভূত থকা বুলি সন্দেহ কৰি ছাত্ৰীগৰাকীক বেজ মাতি জৰা-ফুৰা কৰে ৷ সকলোকে আচৰিত কৰি ছাত্ৰীগৰাকীয়ে তেনে আচৰণ কৰিবলৈ বন্ধ কৰি আকৌ পূৰ্বৰ দৰে সুস্থ হৈ পৰে ৷ এই ঘটনা দেখি বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰীগৰাকীৰ ঘৰৰ লোকো হতভম্ব হয় ৷ সম্প্ৰতি বিদ্যালয়খনত শিক্ষাৰ্থীসকলৰ এনে আচৰণৰ দেখি এতিয়া বিদ্যালয়খনত এক প্ৰকাৰৰ ভূত আছে বুলি পৰিয়াল আৰু গাওঁবাসীয়ে বিশ্বাস কৰে ৷