নিউজ ডেস্ক,14 ফেব্ৰুৱাৰীঃশনিবাৰে ৰাজধানী দিল্লীৰ গাজিপুৰ সীমান্তত প্ৰতিবাদ কৰি থকা কৃষকসকলৰ বিৰুদ্ধে একাংশ স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিগত 80 দিন ধৰি কৃষকসকলে গাজিপুৰ সীমান্তত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ ফলত অঞ্চলবাসীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে ৷
উল্লেখ্য যে, কৃষকসকলে ৰাজধানী দিল্লীৰ বিভিন্ন সীমান্তত বিগত বৰ্ষৰ 26 নৱেম্বৰৰ পৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ ইপিনে কৃষকসকলে বিগত গণৰাজ্য দিৱসৰ দিনা হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা গাজিপুৰ সীমান্তত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ পুনৰ যাতে কৃষকসকলে ৰাজধানীত প্ৰৱেশ কৰি হিংসাত্মক ঘটনাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰবাবে স্থানীয় প্ৰশাসনে বেৰিকেড স্থাপন কৰাৰ লগতে অঞ্চলটোৰ সমগ্ৰ পথ বন্ধ কৰি ৰাখিছে ৷