অসম

assam

ETV Bharat / bharat

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ গাজিয়াবাদ : কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড - বায়ু প্ৰদূষণ News

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে(চিপিচিবি) প্ৰকাশ কৰা তথ্য অনুসৰি, দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ হ'ল গাজিয়াবাদ । গাজিয়াবাদক 'ডাৰ্ক ৰেড জ'ন'ত নথিভুক্ত কৰা হৈছে । বৰ্তমান গাজিয়াবাদৰ বায়ুৰ মান সূচক (AQI) হৈছে 486 ৷

ghaziabad-became-most-polluted-city-in-country
দেশৰ আটাইতকৈ প্ৰদূষিত চহৰ গাজিয়াবাদ : কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড

By

Published : Nov 6, 2021, 2:10 PM IST

নেশ্যনেল ডেস্ক, 6 নৱেম্বৰ : বৰ্তমান বায়ু প্ৰদূষণ(Air Pollution) এক চিন্তনীয় বিষয় ৷ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভয়ংকৰ বায়ু প্ৰদূষণ ৷ এই বায়ু প্ৰদূষণে মানুহৰ জীৱনক ধ্বংসৰ গৰাহলৈ থেলি দিছে । বায়ুত দ্ৰৱীভূত হোৱা ক্ষতিকাৰক পদাৰ্থৰ বাবে ইয়াৰ লোকসকলে বিভিন্ন ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈ আহিছে ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে(চিপিচিবি) প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমান গাজিয়াবাদৰ বায়ুৰ মান সূচক (একিউআই) হৈছে 486 ৷ ইতিমধ্যে 'চিপিচিবি'য়ে গাজিয়াবাদক 'ডাৰ্ক ৰেড জ'ন'ত নথিভুক্ত কৰিছে ।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে জনোৱা মতে, সম্প্ৰতি দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত অন্তৰ্ভুক্ত হয় গাজিয়াবাদ(Ghaziabad) । গাজিয়াবাদৰ লোনি(Loni) অঞ্চলত প্ৰদূষণৰ স্তৰ সৰ্বাধিক বুলি কয় 'চিপিচিবি'য়ে ৷ বৰ্তমান লোনিৰ বায়ুৰ গুণগত মান সূচক(The Air Quality Index) 496 ৷

উল্লেখ্য যে , বায়ুৰ গুণগত মান সূচক 0-50 হ'লে 'ভাল' শ্ৰেণী বুলি বিবেচনা কৰা হয় । 51-100ক 'সন্তোষজনক', 101-200ক 'মাধ্যম' হিচাপে, 201-300 ক 'বেয়া', 301-400ক 'অতি দুৰ্বল'', 400-500 'গুৰুতৰ' আৰু 500-ৰ ওপৰৰ বায়ু মানদণ্ড সূচকক 'অত্যন্ত গুৰুতৰ' বুলি গণ্য কৰা হয় ৷

লগতে পঢ়ক :দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত উদ্বেগ প্ৰকাশ মীৰা ৰাজপুতৰ

গাজিয়াবাদৰ প্ৰদূষিণ স্তৰৰ মাত্ৰা :

এলেকা প্ৰদূষণ স্তৰ
ইন্দিৰাপুৰাম 484
বসুন্ধৰা 482
সঞ্জয় নগৰ 480
লোনি 496

দেশৰ প্ৰথম 10 খন প্ৰদূষিত চহৰ :

প্ৰদূষিত চহৰ প্ৰদূষণ স্তৰ
গাজিয়াবাদ 486
নয়দা 478
হাপুড় 468
বাগপত 467
বলুন্দা চহৰ 461
মেৰঠ 461
গ্ৰেটাৰ নয়দা 458
গুৰুগ্ৰাম 455
ফৰিদাবাদ 454
দিল্লী 449

ABOUT THE AUTHOR

...view details