অসম

assam

ETV Bharat / bharat

Akshara Jolige of education: চৰকাৰী বিদ্যালয় নিৰ্মাণৰ বাবে ৰাইজে চৰকাৰক কিনি দিলে পাঁচ একৰ ভূমি - Villagers handed over five acres of land

এখন গাঁৱৰ ৰাইজে দেখুৱালে এক ব্যতিক্ৰমী আদৰ্শ ৷ সম্পূৰ্ণ অত্যাধুনিক সা-সুবিধাযুক্ত এটা চৰকাৰী বিদ্যালয় ভৱন নিৰ্মাণৰ বাবে ৰাইজে চৰকাৰক কিনি দিলে 2.5 একৰ মাটি (Villagers donate land for govt school)৷ ৰাইজ একগোট হৈ পাঁচ একৰ ভূমি ক্ৰয় কৰে ৷ ইয়াৰে 2.5 একৰ ভূমি ৰাইজে শিক্ষা বিভাগক বিদ্যালয় ভৱন নিৰ্মাণৰ বাবে আৰু বাকী 2.5 একৰ ভূমি চৰকাৰক চৰকাৰী কাৰ্যলয় নিৰ্মাণৰ বাবে অৰ্পন কৰে ৷

Collection of Donations for Govt School
ৰাইজে চৰকাৰক দান কৰিলে পাঁচ একৰ ভূমি

By

Published : Nov 24, 2022, 7:24 PM IST

নিউজ ডেস্ক, 24 নৱেম্বৰ: যিসময় দেশৰ প্ৰায়বোৰ ৰাজ্যতে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শ্মশানমুখী যাত্ৰা আৰু ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ জয়জয় ময়ময় অৱস্থা আৰম্ভ হৈছে, তেনে সময়তে এখন গাঁৱৰ ৰাইজে দেখুৱালে এক ব্যতিক্ৰমী আদৰ্শ ৷ সম্পূৰ্ণ অত্যাধুনিক সা-সুবিধাযুক্ত এটা চৰকাৰী বিদ্যালয় ভৱন নিৰ্মাণৰ বাবে ৰাইজে চৰকাৰক কিনি দিলে 2.5 একৰ মাটি (Villagers donate land for govt school)৷

এই গাঁও হৈছে দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ ঘট্থাৰাগী গাঁও ৷ ৰাজ্যখনৰ কালাবুৰ্গি জিলাৰ বিৰক্ত মথৰ স্বামী শিৱানন্দৰ নেতৃত্বত ৰাইজে জিলা শিক্ষা বিভাগৰ হাতত অৰ্পন কৰে এই ভূমিৰ নথি-পত্ৰ ৷ এইদৰেই শিশুৰ ভৱিষ্যত পোহৰ হৈছে ঘট্থাৰাগী গাঁৱত (Akshara Jolige become light for childrens future) ৷ সকলো ৰাইজ একগোট হৈ পাঁচ একৰ ভূমি ক্ৰয় কৰে ৷ ইয়াৰে 2.5 একৰ ভূমি ৰাইজে শিক্ষা বিভাগক বিদ্যালয় ভৱন নিৰ্মাণৰ বাবে আৰু বাকী 2.5 একৰ ভূমি চৰকাৰক চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ বাবে অৰ্পন কৰে ৷

কোপ্পাল গাভি মথৰ স্বামীজী, সোন্না বিৰক্ত মঠৰ স্বামী শিৱানন্দৰ উপস্থিতিত ৰাইজে জিলা নিৰ্দেশনা উপ-সঞ্চালক চক্ৰপ্পা গৌড়াক অৰ্পন কৰে ভূমিখিনি (Land for govt school) ৷

ঘট্থাৰাগীৰ চৰকাৰী বিদ্যালয়ৰ ভৱনটো তেনেই জহি-খহি গৈছে ৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে হাতৰ মুঠিত জীৱন লৈ সেই জৰাজীৰ্ণ ঘৰটোত শিক্ষা গ্ৰহণ কৰিব লাগে ৷ তাৰোপৰি বৰ্তমানৰ চৰকাৰী বিদ্যালয়খন ধৰ্মীয় এনডাউমেণ্ট বিভাগৰ চৌহদত আছে আৰু নতুন ভৱন নিৰ্মাণৰ বাবে কোনো আইনী অনুমতি নাছিল ৷ সেয়ে গাঁওখনৰ আটায়ে লগ হৈ আৰম্ভ কৰিলে অক্ষৰ জলিগ ৷ যাৰ উদ্দেশ্য আছিল নতুনকৈ চৰকাৰী বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰিবলৈ ভূমি ক্ৰয়ৰ বাবে ধন সংগ্ৰহ কৰা (Collection of Donations for Govt School) ৷

স্বামী শিৱানন্দৰ নেতৃত্বত অক্ষৰ জলিগৰ জৰিয়তে গাঁওখন 21 দিনীয় পুৰাণ বিষয়ক বক্তৃতা আৰু বৰঙণি সংগ্ৰহ অনুষ্ঠান আৰম্ভ কৰা হয় ৷ ৰাইজে এইদৰে প্ৰায় 1 কোটি টকা সংগ্ৰহ কৰে আৰু সেই টকাৰে পাঁচ একৰ ভূমি ক্ৰয় কৰি চৰকাৰৰ বিভাগক প্ৰদান কৰে ৷

ইয়াৰ লগতে গাভিসিদ্ধেশ্বৰ স্বামীৰ নেতৃত্বত তাত এখন অত্যাধুনিক সা-সুবিধাযুক্ত চৰকাৰী বিদ্যালয় নিৰ্মাণৰ বাবে ভূমি পূজাও কৰা হয় (Karnataka Akshara Jolige) ৷ এই অক্ষৰ জলিগ অনুষ্ঠানত ভূমি ক্ৰয়ৰ বাবে আনকি বহু লোকে লাখ টকা পৰ্যন্ত বৰঙণি আগবঢ়ায় ৷ বিধায়ক এম ৱাই পাটিল আৰু বিজেপি নেতা নীতিশ গুট্টেদাৰেও এই অনুষ্ঠানত বৰঙণি আগবঢ়ায় ৷ শিক্ষা বিভাগে এই ভূমি গ্ৰহণ কৰি এখন আদৰ্শ বিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাইজক ৷

লগতে পঢ়ক:Crime in Bihar: ৭৫ বছৰে এটাও গোচৰ ৰুজু নোহোৱা বিহাৰৰ এখন গাঁও

ABOUT THE AUTHOR

...view details