অসম

assam

By

Published : May 25, 2023, 5:30 PM IST

ETV Bharat / bharat

Rajasthan Congress Strategy Meet : শুকুৰবাৰে ৰাজস্থানত কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি বৈঠক

অশোক গেহলট আৰু শচীন পাইলটৰ মাজৰ ক্ষমতাকেন্দ্ৰিক বিবাদ দীৰ্ঘদিন ধৰি কংগ্ৰেছ হাইকমাণ্ডৰ বাবে মূৰৰ কামোৰণি হৈ আছে । কিন্তু তাৰ মাজতে চলিত বছৰৰ শেষৰ ফালে মৰু ৰাজ্যখনত বিধানসভা নিৰ্বাচন । সেয়ে এই বিবাদ সমাধানৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৰাজস্থানত এক গুৰুত্বপূৰ্ণ ৰণনীতি বৈঠকত অংশগ্ৰহণ কৰিব (Rahul and Kharge to share Rajasthan strategy meet) ।

Rajasthan Congress Strategy Meet
Rajasthan Congress Strategy Meet

নিউজ ডেস্ক, ২৫ মে' : কৰ্ণাটকৰ নিৰ্বাচনত অভূতপূৰ্ব সফলতাই কংগ্ৰেছ দলক যেন পুনৰুজ্জীৱিত কৰি তুলিছে (congress wins Karnataka assembly polls) । যাৰ বাবে এতিয়া দেশৰ সবাতোকৈ পুৰণি ৰাজনৈতিক দলটোৱে চলিত বৰ্ষৰ শেষত অনুষ্ঠিত হ'বলগীয়া চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে উঠি-পৰি লাগিছে । তাৰে ভিতৰত এখন গুৰুত্বপূৰ্ণ ৰাজ্য হৈছে ৰাজস্থান । কিন্তু ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলট (Rajasthan CM Ashok Gahlot) আৰু উপ-মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজৰ ক্ষমতাকেন্দ্ৰিক বিবাদে এক প্ৰকাৰ অস্বস্তিত ৰাখিছে কংগ্ৰেছ হাইকমাণ্ডক । তাৰ মাজতে কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধী (Former Congress chief Rahul Gandhi) আৰু দলটোৰ বৰ্তমানৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেই শুকুৰবাৰে নিৰ্বাচনমুখী ৰাজস্থানত এক গুৰুত্বপূৰ্ণ নিৰ্বাচনী ৰণনীতি বৈঠকত অংশগ্ৰহণ কৰিব (congress crucial strategy meeting in Rajasthan) ।

ৰাজস্থানৰ দায়িত্বত থকা এআইচিচিএছ নেতা এছ এছ ৰন্ধাৱাই ইটিভি ভাৰতৰ আগত এই সন্দৰ্ভত কয়, "হয়, বৈঠকখন ২৬ মে'ত আবেলি ৪ বজাত অনুষ্ঠিত হ'ব ৷ মুখ্যমন্ত্ৰী অশোক গেহলট, ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী গোবিন্দ দোতাচাৰা আৰু ৰাজ্যখনৰ অন্যান্য জ্যেষ্ঠ নেতাসকলক বৈঠকৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ।"

আনহাতে, দলৰ ভিতৰুৱা সূত্ৰ মতে, দলটোৱে কৰ্ণাটকত অভূতপূৰ্ব বিজয় সাব্যস্ত কৰাৰ কেইদিনমান পিছতে এই ৰণনীতি বৈঠক অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখ্য যে কৰ্ণাটকত কংগ্ৰেছে ৰাজ্যিক সভাপতি ডি কে শিৱ কুমাৰ আৰু কংগ্ৰেছ বিধায়িনী দলৰ নেতা কে সিদ্ধাৰামাইয়াৰ এক ঐক্যবদ্ধ প্ৰচেষ্টাত দলটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছিল । তাৰেই পৰিপ্ৰেক্ষিতত এতিয়া ৰাজস্থানতো একেই ৰণনীতিৰ কথা চিন্তা কৰা হৈছে । ৰাজস্থান কংগ্ৰেছত দায়িত্বপ্ৰাপ্ত এআইচিচিৰ এজন জ্যেষ্ঠ কৰ্মীয়ে কয়, "যদিও দলটোৰ মুখ্য লক্ষ্য হ'ব গেহলট চৰকাৰৰ দ্বাৰা ৰূপায়ণ কৰা কল্যাণমূলক কাৰ্যসূচী, তথাপিও কৰ্ণাটকৰ দৰে ৰাজস্থানতো একতাৰ ছবি উপস্থাপন কৰাৰ প্ৰয়োজন আছে ।"

তেওঁ কয়, "ৰাইজে কল্যাণমূলক আঁচনি ভাল পাইছে আৰু পুনৰ কংগ্ৰেছকে সমৰ্থন কৰাৰ মনোভাবত আছে । কিন্তু ঐক্যবদ্ধ দল এটা চাবলৈহে তেওঁলোকে পছন্দ কৰিছে ।" নেতাজনে লগতে দীৰ্ঘদিন ধৰি হাইকমাণ্ডৰ বাবে চিন্তাৰ বিষয় হৈ থকা অশোক গেহলট বনাম শচীন পাইলটৰ ক্ষমতাকেন্দ্ৰিক বিবাদৰ কথাও উল্লেখ কৰে (Sachin Pilot vs Ashok Gahlot conflict) ।

উল্লেখ্য, শচীন পাইলটকো শুকুৰবাৰৰ ৰণনীতি বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে । কিয়নো তেওঁ হৈছে ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ এজন প্ৰাক্তন সভাপতি । লগতে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত দলৰ বিজয়ৰ আঁৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । অৱশ্যে যদিও পাইলটে ৰাজ্যৰ মুখ্যমন্ত্ৰী পদৰ আশা পালি আছিল, কিন্তু তেওঁ গেহলটৰ সহায়কাৰী হিচাপেই সন্তুষ্ট থাকিবলগা হৈছিল । তেতিয়াৰে পৰাই পাইলটে শাসনভাৰ পৰিৱৰ্তনৰ বাবে হেঁচা দি আহিছে যদিও হাইকমাণ্ডে কিন্তু গেহলটৰ নেতৃত্বতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ।

"পাইলটৰ উচ্চাকাংক্ষা আছে । কিন্তু তেওঁ উত্থাপন কৰি থকা বিষয়বোৰ কংগ্ৰেছেও উত্থাপন কৰি আহিছে । দুয়োজন জ্যেষ্ঠ নেতাৰ মাজৰ মত পাৰ্থক্য সন্দৰ্ভত মই নিশ্চিত যে সেইবোৰ সৌহাৰ্দ্যপূৰ্ণভাৱেই সমাধান কৰিব পৰা যায় । যি কি নহওক, গেহলট আৰু পাইলট দুয়োৱে ২০২৩ চনৰ নিৰ্বাচনত কংগ্ৰেছক পুনৰ ক্ষমতালৈ অনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কথা পাতি আছে । হাইকমাণ্ডে ঠিক এইটোৱেই বিচাৰে ।" এআইচিচিৰ এজন জ্যেষ্ঠ কৰ্মীয়ে এনেদৰে কয় ।

তেওঁ লগতে কয়, "কংগ্ৰেছৰ কোনেও শচীন পাইলটৰ দৰে নেতাক হেৰুৱাব নিবিচাৰে ।" আনহাতে, এইটো এটা লক্ষণীয় বিষয় যে পাইলটক 26 মে'ৰ অনুষ্ঠিত হ'বলগীয়া হাইকমাণ্ডৰ ৰণনীতি বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে । উক্ত বৈঠকত মাজত মাত্ৰ চাৰি মাহ বাকী থকা আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তেওঁ কিছু গুৰুত্বপূৰ্ণ দায়িত্বও অৰ্পণ কৰা হ'ব পাৰে ।

উল্লেখ্য যে ৰাজস্থানৰ পৰা মুকুল ৱাছনিক, প্ৰমোদ তিৱাৰী আৰু ৰণদীপ সুৰজেৱালাক ৰাজ্যসভালৈ মনোনীত কৰাৰ ক্ষেত্ৰত পাইলটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । আনহাতে, পাইলটে শেহতীয়াভাৱে গেহলটলৈ এক ৰাজনৈতিক শেল নিক্ষেপ কৰি অভিযোগ কৰিছিল যে তেওঁ ৰাজ্য চৰকাৰক বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ দুৰ্নীতিৰ গোচৰ সম্পৰ্কীয় বিষয়ত ব্যৱস্থা ল'বলৈ আহ্বান জনোৱাৰ পিছতো মুখ্যমন্ত্ৰী অশোক গেহলট নীৰৱে আছে ।

ইফালে ৰাজস্থানত এআইচিচিৰ ভাৰপ্ৰাপ্ত বিষয়া ৰান্ধৱাই শেহতীয়াকৈ কৈছিল যে সমগ্ৰ বিষয়টো কেৱল গেহলটৰ সঁহাৰিৰ ওপৰতে নিৰ্ভৰ কৰিছিল আৰু কংগ্ৰেছে কেৱল দলৰ সংগঠনিক দিশ শক্তিশালী কৰা আৰু আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ ওপৰতে গুৰুত্ব দিছিল । "মই আশাকৰোঁ যে খাৰ্গেয়ে কৰ্ণাটকৰ দৰে ৰাজস্থানৰো সকলো নেতাক একতাৰ বাৰ্তা প্ৰদান কৰিব ।" এআইচিচিৰ বিষয়াজনে কয় ।

লগতে পঢ়ক :Delhi vs Centre ordinance row : কেজৰিৱালে সাক্ষাৎ কৰিব শৰদ পাৱাৰক

ABOUT THE AUTHOR

...view details