ভাৰতত নিৰ্মাণ হ’ব F 18 ত ব্যৱহাৰ হোৱা GE 414 ইঞ্জিন তেজপুৰ, 11 ছেপ্টেম্বৰ :ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত সহযোগিতাৰে (GE) জি ই এৰ’স্পেচ আৰু হিন্দুস্তান এৰ’নটিকেল লিমিটেড (এইচ এ এল)ৰ মাজত ভাৰতত জি ই এফ-414 জেট ইঞ্জিন নিৰ্মাণৰ বাবে বাণিজ্যিক চুক্তিৰ আলোচনা আৰম্ভ হোৱাক আদৰণি জনায় প্ৰাক্তন ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন মহন্ত পাংগিং পাওয়ে ।
পূৰ্বৰ বায়ু সেনাৰ গ্ৰুপ কেপ্তেইন তথা ছুখই-30 ৰ পাইলটগৰাকীয়ে কয় যে, ভাৰতৰ প্ৰতিৰক্ষা বিভাগে ইতিমধ্যে তেজস যুঁজাৰু বিমান ঘৰুৱাভাৱে নিৰ্মাণ আৰম্ভ কৰিছে ৷ এইয়া দেশৰ বাবে এক ভাল দিন । ইতিমধ্যে G 20 বৈঠকত অংশগ্ৰহণ কৰিবলৈ আহি আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকত ভাৰত-আমেৰিকাৰ সম্পৰ্ক অধিক গভীৰ আৰু বৈচিত্ৰ্যময় কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। মহাকাশ আৰু এআইৰ দৰে নতুন আৰু উদীয়মান ড’মেইনত সম্প্ৰসাৰিত সহযোগিতাৰ জৰিয়তে ডাঙৰ প্ৰতিৰক্ষা অংশীদাৰিত্ব, আৰু প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা ত্বৰান্বিত কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে ।
পাংগিঙে কয় যে, ভাৰতে ঘৰুৱাভাৱে GE 404 জেট ইঞ্জিন আৰু তেজস মাৰ্ক 2 যাৰ ইঞ্জিন GE 414 জেট ইঞ্জিন নিৰ্মাণৰ বাবে তেজাছ মাৰ্ক 1 ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে । এই চুক্তি প্ৰায় 15 বছৰ পূৰ্বে আৰম্ভ হৈছিল কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰযুক্তিৰ কৌশল মাত্ৰ 58 শতাংশহে ব্যৱহাৰৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াইছিল কিন্ত এইবাৰ তেজস মাৰ্ক 2 ৰ GE 414 ইঞ্জিনৰ নিৰ্মাণৰ বাবে 80 শতাংশ প্ৰযুক্তিৰ লগতে কৌশল ব্যৱহাৰৰ বাবে আগ্ৰহী হৈছে ।
তেওঁ পুনৰ কয় যে, GE 414 ইঞ্জিন বৰ্তমান F-18 চুপাৰচনিক ফাইটাৰ জেটত ব্যৱহাৰ হৈ আছে । এই পদক্ষেপ ভাৰতবৰ্ষৰ বাবে এক বৃহৎ সাফল্য । এই সাফল্যই হিন্দুস্তান এৰ’নটিকেল লিমিটেড (HAL) ৰ লগতে ভাৰতে এৰ' ইঞ্জিন নিৰ্মাণৰ ক্ষেত্ৰখনক এখাপ আগুৱাই লৈ যাব ৷ যদিও ইয়াৰ বাবে যথেষ্ট প্ৰত্যহ্বানৰ সন্মুখীন হ’ব লাগিব ৷ ভাৰতবৰ্ষই আগন্তুক 15 বছৰৰ ভিতৰত এৰ' ইঞ্জিন নিৰ্মাণৰে আত্মনির্ভৰ ভাৰতৰ দিশত নিজৰ পৰিচয় দাঙি ধৰিব বুলি পূৰ্বৰ ছুখই-30 ৰ পাইলটগৰাকীয়ে সদৰী কৰে ৷
লগতে পঢ়ক:18th G20 Summit : জি২০ সন্মিলন ; আলোচনা আৰু মূল পদক্ষেপসমূহ