নেশ্যনেল ডেস্ক,২ জুন : লোকসভাৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰাক লৈ আমেৰিকাত মুখ খুলিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে (Rahul Gandhi reacts over disqualification)। তেওঁৰ মতে মানহানিৰ গোচৰত সৰ্বাধিক শাস্তি পোৱা তেওঁ হৈছে প্ৰথমগৰাকী ব্যক্তি । বৃহস্পতিবাৰে ৱাশ্বিংটনৰ নেচনেল প্ৰেছ ক্লাবত এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে । সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে আদানি-হিণ্ডেনবাৰ্গ বিষয়ক লৈ তেওঁ ভাষণ দিয়াৰ পাছতে তেওঁক অযোগ্য হিচাপে ঘোষণা কৰা হৈছে । তেওঁ এই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিল ।
ৰাহুল গান্ধীৰ মতে স্বাধীনতাৰ পাছত ইতিহাসত মানহানিৰ গোচৰৰ বাবে সৰ্বাধিক শাস্তি দিয়া তেওঁ ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি (Rahul Gandhi disqualification)। এই অপৰাধত এতিয়ালৈ কোনো লোককে সৰ্বাধিক শাস্তি দিয়া হোৱা নাই ।
ৱাশ্বিংটন ডিচিৰ নেচনেল প্ৰেছ ক্লাবত হোৱা বাৰ্তালাপৰ সময়ত বিভিন্ন বিষয়ত নিজৰ দৃষ্টিভংগী আগবঢ়াই ৰাহুলে কয় যে তেওঁৰ দলে সহযোগী বিৰোধী শক্তিৰ সৈতে সম্পৰ্ক ৰাখিছে (Rahul Gandhi in National Press Club)। বিৰোধী ঐক্য সন্দৰ্ভত এএনআইৰ প্ৰশ্নৰ উত্তৰত ৰাহুলে কয় যে তেওঁৰ দলে সকলো বিৰোধী দলৰ সৈতে নিয়মীয়া বাৰ্তালাপ কৰি আছে আৰু সেই ক্ষেত্ৰত যথেষ্ট উন্নয়ন হৈছে বুলিও তেওঁ আশা প্ৰকাশ কৰে ।