অসম

assam

ISIS threats Gautam Gambhir : প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি ISIS ৰ

By

Published : Nov 24, 2021, 12:33 PM IST

বিজেপি সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি ISIS ৰ(ISIS threats Gautam Gambhir) । ISIS কাশ্মীৰৰ পৰা বিজেপি সাংসদজনলৈ প্ৰেৰণ কৰা হৈছে ভাবুকি ভৰা ই-মেইল । সম্প্ৰতি গৌতম গম্ভীৰৰ বাসগৃহৰ বাহিৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা ।

Former Cricketer Gautam Gambhir  received death threats from ISIS Kashmir
বিজেপি সাংসদ গৌতম গম্ভীৰক হত্যাৰ ভাবুকি

স্প’ৰ্টছ ডেস্ক, ২৪ নৱেম্বৰ: সন্ত্ৰাসবাদী সংগঠন আই এছ আই এছে(ISIS) হত্যাৰ ভাবুকি দিছে পূৱ দিল্লীৰ বিজেপি সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ(ISIS threats Gautam Gambhir)ক । সন্ত্ৰাসবাদীয়ে ভাবুকি দিয়াৰ পাচতে আৰক্ষীৰ কাষ চাপিছে বিজেপি সাংসদগৰাকী । ইয়াক কেন্দ্ৰ কৰি গৌতম গম্ভীৰৰ বাসগৃহৰ বাহিৰত বৃদ্ধি কৰা হৈছে নিৰাপত্তা । অতিৰিক্ত আৰক্ষী আয়ুক্ত(কেন্দ্ৰীয়) শ্বেতা চৌহানে এই সন্দৰ্ভত কয় যে, প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে অভিযোগ উত্থাপন কৰিছে যে, তেওঁক আইএছআইএছ কাশ্মীৰ(ISIS Kashmir)ৰ পৰা হত্যাৰ ভাবুকিৰ দিয়া হৈছে ।

বৰ্তমান এই অভিযোগ সন্দৰ্ভত তদন্ত অব্যাহত আছে । বিজেপি সাংসদগৰাকীৰ বাসগৃহৰ বাহিৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । ই-মেইলযোগে(Death threat through Email) সন্ত্ৰাসবাদীয়ে হত্যাৰ ভাবুকি দিছে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক । ক্ৰিকেটৰ জগতৰ পৰা ৰাজনীতিৰ পথাৰত খোজ পেলোৱা গৌতম গম্ভীৰে ৰাষ্ট্ৰীয় সুৰক্ষা, কাশ্মীৰ আৰু অন্যান্য বিষয়ত স্পষ্ট মতামত আগবঢ়াই আহিছে ।

শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক পঞ্জাৱ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৱে "জ্যেষ্ঠ ভাতৃ" বুলি অভিহিত কৰাৰ বাবে গম্ভীৰে সিদ্ধুক ক্ষুৰধাৰ সমালোচনা কৰিছিল । লগতে গম্ভীৰে কৈছিল যে, তেওঁ এনে মন্তব্য দিয়াৰ আগতে পাকিস্তানলৈ যোৱা উচিত । গম্ভীৰে পাকিস্তানক 'সন্ত্ৰাসবাদী দেশ'(Country of terrorist) বুলিও আখ্যা দিছিল ।

লগতে পঢ়ক: ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবী শাস্ত্ৰীক লৈ কিয় অসন্তুষ্ট হ’ল গৌতম গম্ভীৰ ?

For All Latest Updates

TAGGED:

ISIS Kashmir

ABOUT THE AUTHOR

...view details