অসম

assam

Adani Group Share Crisis : শীৰ্ষ 20 ধনকুবেৰৰ তালিকাত নাই গৌতম আদানি

By

Published : Feb 3, 2023, 4:57 PM IST

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় গৱেষণা সংস্থা হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশৰ পিছৰে পৰা আদানি গ্ৰুপৰ শ্বেয়াৰৰ দুৰ্গতি বাঢ়ি আহিছে । শ্বেয়াৰ মূল্য হ্ৰাস হৈ আছে আদানি গ্ৰুপৰ । যাৰ প্ৰভাৱ গ্ৰুপটোৰ সৰ্বমুঠ মূলধনৰ ওপৰত পোনপটীয়াকৈ পৰিছে । শেহতীয়া পৰিসংখ্যা অনুসৰি, গৌতম আদানি বৰ্তমান বিশ্বৰ 20 জন শীৰ্ষ ধনকুবেৰৰ তালিকাৰ পৰা বাদ পৰিছে (Gautam Adani out of top 20 billionaire list) ।

Adani
Adani

নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী : আমেৰিকান গৱেষণা প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশৰ পিছতে আদানি গ্ৰুপ কোম্পানীৰ শ্বেয়াৰত ছুনামিৰ সৃষ্টি হৈছে (Hindenbarg report on Adani Group) । যিয়ে বিশ্বৰ শীৰ্ষ ধনকুবেৰ গৌতম আদানিৰ সাম্ৰাজ্যত প্ৰবল জোকাৰণই তুলিছে । প্ৰতিবেদন প্ৰকাশৰ পিছত পাৰ হৈ যোৱা প্ৰতিটো দিনতে তেওঁৰ সৰ্বমুঠ সম্পত্তিৰ মূল্যত ডাঙৰ পতন আনিছে । ইয়াৰ ফলস্বৰূপে গৌতম আদানিক বৰ্তমান বিশ্বৰ 20 জন ধনী ব্যক্তিৰ তালিকাৰ পৰা বাদ দিয়া হৈছে (Adani Groups share down falls) ।

আদানিয়ে ১০ দিনত হেৰুৱালে ৫২ আৰব ডলাৰ

ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি (Bloomberg Billionaires Index), বৰ্তমান তেওঁৰ মুঠ সম্পত্তি হ্ৰাস হোৱাৰ বাবে গৌতম আদানি বিলিয়নিয়াৰৰ তালিকাত 21 নম্বৰ স্থানলৈ অৱনমিত হৈছে । তেওঁৰ মুঠ সম্পত্তি ৬১.৩ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে । বিগত 24 ঘণ্টাত তেওঁ 10.7 বিলিয়ন ডলাৰ হেৰুৱাইছে । একে সময়তে ফ'ৰ্বছ ৰিয়েল টাইম বিলিয়নিয়াৰ তালিকা অনুসৰি (Forbes Real Time Billionaire List), তেওঁ 55.8 বিলিয়ন ডলাৰৰ মুঠ সম্পত্তিৰে তালিকাত 22 নম্বৰ স্থানলৈ স্থানচ্যুত হৈছে ।

উল্লেখ্য, বৃহস্পতিবাৰে মুঠ ৬৪.৭ বিলিয়ন ডলাৰ মূল্যৰ সম্পত্তিৰে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ তালিকাত গৌতম আদানি ১৬ নম্বৰ স্থানত আছিল । কিন্তু মাত্ৰ 24 ঘণ্টাৰ ব্যৱধানতে তেওঁ 5 টা স্থান পিছুৱাই গৈ 21 নম্বৰত উপনীত হয় (Gautam Adani out of top 20 billionaire list) । লোকচানৰ বিষয়টোৰ ক্ষেত্ৰত ব্লুমবাৰ্গৰ তথ্য অনুসৰি, এই বছৰৰ আৰম্ভণিৰে পৰা তেওঁৰ সম্পত্তিৰ মূল্য 59.2 বিলিয়ন ডলাৰ ক্ষতিগ্ৰস্ত হৈছে । বিগত 10 দিনত তেওঁ 52 বিলিয়ন ডলাৰৰ সম্পত্তি হেৰুৱাইছে (Adani Group Share Crisis) ।

বিগত এটা সপ্তাহত গৌতম আদানিৰ কোম্পানীবোৰৰ ষ্টক হ্ৰাস হোৱাৰ ফলত শ্বেয়াৰ বজাৰত তালিকাভুক্ত তেওঁৰ কোম্পানীবোৰৰ মুঠ বজাৰ কেপ 100 বিলিয়ন ডলাৰতকৈও অধিক হ্ৰাস পাইছে । তলত দিয়া তালিকাখনত বৃহস্পতিবাৰে আদানিৰ ষ্টকৰ পতন আৰু ইয়াৰ মূল্য উল্লেখ কৰা হৈছে ।

আদানি শ্বেয়াৰৰ নাম শ্বেয়াৰৰ পতন(শতাংশ) শ্বেয়াৰ মূল্য
Adani Enterprises Ltd 21.61 1,694.10 টকা
Adani Power Ltd 4.98 202.05 টকা
Adani Wilmar Ltd 5 421.00 টকা
Adani Green Energy Ltd 10 1,039.85 টকা
Adani Total Gas Ltd 10 1,707.70 টকা
Adani Transmission Ltd 10 1,551.15 টকা
Adani Ports 4.66 472.10 টকা

মুকেশ আম্বানিও শীৰ্ষ ১০-ৰ পৰা বাহিৰ (Mukesh Ambani out from Top 10 Billionaires)

আন এক গুৰুত্বপূৰ্ণ কথা হৈছে, গৌতম আদানি শীৰ্ষ-20 কোটিপতিৰ তালিকাৰ পৰা বাদ পৰাৰ সমান্তৰালভাৱে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ মুঠ সম্পত্তিও হ্ৰাস পাইছে । তেৱোঁ শীৰ্ষ-10 জন ধনী লোকৰ তালিকাৰ পৰা বাদ পৰিছে । বিগত 24 ঘণ্টাত এদিনৰ বাবে 695 নিযুত ডলাৰ লোকচান হোৱাৰ বাবে মুকেশ আম্বানীৰ মুঠ সম্পত্তি এতিয়া 80.3 বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে । এই পৰিমাণৰ সম্পদেৰে তেওঁ ব্লুমবাৰ্গ বিলিয়নিয়াৰ ইণ্ডেক্সত দ্বাদশ স্থানত উপনীত হৈছে । অৱশ্যে মুকেশ আম্বানী বৰ্তমানো এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি । সম্পদৰ ক্ষেত্ৰত গৌতম আদানিক তেওঁ অতিক্ৰম কৰিছে । একে সময়তে তেওঁ বৃহস্পতিবাৰলৈকে ফ'ৰ্বছ ৰিয়েল টাইম বিলিয়নিয়াৰ তালিকাত দশম স্থানত আছিল । কিন্তু শুকুৰবাৰে তালিকাত তেওঁৰ স্থান হৈছে 12 নম্বৰত ।

লগতে পঢ়ক :Hindenburg Research : আদানিৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ কৰা কি এই হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ ?

ABOUT THE AUTHOR

...view details