অসম

assam

ETV Bharat / bharat

উত্তৰাখণ্ডত ১২৫০০ ফুট উচ্চতাত উৰিল জাতীয় পতাকা - উত্তৰাখণ্ডৰ কেদাৰকান্ত পৰ্বতত মাইনাছ ২০ ডিগ্ৰী চেলচিয়াছত পতাকা উত্তোলন

প্ৰচণ্ড শীতকো নেওচি ১২৫০০ ফুট উচ্চতাত দেশৰ জাতীয় পতাকা উত্তোলন এগৰাকী কিশোৰীৰ । গণৰাজ্য উত্তৰাখণ্ডৰ কেদাৰকান্ত পৰ্বতত মাইনাছ ২০ ডিগ্ৰী চেলচিয়াছত পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীতো আওৰাই মধ্য প্ৰদেশৰ গৌৰী আৰাজৰিয়াই ।

১২৫০০ ফুট উচ্চতাত উৰিল জাতীয় পতাকা
১২৫০০ ফুট উচ্চতাত উৰিল জাতীয় পতাকা

By

Published : Jan 29, 2021, 6:55 PM IST

নিউজ ডেস্ক, ২৯ জানুৱাৰী: প্ৰচণ্ড শীতকো নেওচি ১২৫০০ ফুট উচ্চতাত দেশৰ জাতীয় পতাকা উত্তোলন এগৰাকী কিশোৰীৰ । গণৰাজ্য উত্তৰাখণ্ডৰ কেদাৰকান্ত পৰ্বতত মাইনাছ ২০ ডিগ্ৰী চেলচিয়াছত পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীতো আওৰাই মধ্য প্ৰদেশৰ গৌৰী আৰাজৰিয়াই ।

গণৰাজ্য দিসৱৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা এক অনুষ্ঠানত গৌৰীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় এডভেঞ্চাৰ ফাউণ্ডেচন গ্ৰুপৰ সদস্যসকলো উপস্থিত আছিল । উত্তৰ প্ৰদেশ, হাৰিয়াণা আৰু চণ্ডীগড়ৰ পৰাও কেইবাটা দলে কেদাৰকান্ত পৰ্বতৰ এই কাৰ্যসূচীত যোগদান কৰিছিল । মংগলবাৰে পুৱাই পাঁচ বজাত গৌৰীয়ে তেওঁৰ দলটোৰ সৈতে কেদাৰকান্ত পৰ্বত আৰোহন কৰি প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় ।

আৰ্থিকভাৱে দুৰ্বল গৌৰীয়ে মাউন্ট এভাৰেষ্ট আৰোহন কৰাৰ সপোন বুকুত বান্ধি ৰাখিছে । গৌৰীৰ এই প্ৰচেষ্টাক সমৰ্থন জনায় আন্তঃৰাষ্ট্ৰীয় এডভেঞ্চাৰ ফাউণ্ডেচন গ্ৰুপে ।

উল্লেখ্য যে, মধ্য প্ৰদেশৰ চিমৰীয়া গাঁৱৰ নিবাসী গৌৰীয়ে ২০১৯ চনত পৰ্বত আৰোহনৰ এটা মৌলিক পাঠ্যক্ৰমেৰে ইয়াৰ প্ৰস্তুতি চলাইছিল ।

গৌৰীৰ এই সফলতাৰ বাবে পৱাইৰ বিধায়ক প্ৰহ্লাদ লোধিয়ে অভিনন্দন জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে ।

লগতে পঢ়ক: কাশ্মীৰত দ্ৰুতগতিত বৃদ্ধি পাইছে শীতল প্ৰৱাহ

ABOUT THE AUTHOR

...view details