নিউজ ডেস্ক, 7 নৱেম্বৰ : শুকুৰবাৰে বাৰাণসীৰ শিবপুৰৰ গোৱেংকা ৰাসায়নিক গুদামত নিশা গেছ লিক হোৱাৰ ফলত অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ গেছ লিক হোৱাৰ ফলত অঞ্চলটোত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয় আৰু লগে লগে উক্ত স্থানত জিলা প্ৰশাসনৰ বিষয়ববীয়া সকল উপস্থিত হয় ৷ কিন্তু বৰ্তমানলৈ কোনো লোক অসুস্থ হোৱাৰ খবৰ পোৱা নাই ৷ শিৱপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাগেশ সিঙে প্ৰকাশ কৰিছে তথ্য ৷
বাৰাণসীৰ গুদামত ৰাসায়নিক গেছ দুৰ্ঘটনা - অসুস্থ
বাৰাণসীৰ গুদামত গেছ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই ৷
![বাৰাণসীৰ গুদামত ৰাসায়নিক গেছ দুৰ্ঘটনা Gas leak from chemical warehouse in Varanasi](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9462101-1104-9462101-1604726845650.jpg)
বাৰাণসীৰ গুদামত ৰাসায়নিক গেছ দুৰ্ঘটনা
উল্লেখ্য যে, গুদামটোত থকা ৰাসায়নিক গেছবোৰ মাটিত পৰি যোৱাৰ বাবে অঞ্চলটোত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয় ৷
লগতে পঢ়ক :মানৱ অংগ কঢ়িয়াই নিয়া হেলিকপ্টাৰ এম্বুলেন্স দুৰ্ঘটনাত পতিত